মাৰ্ঘেৰিটাত ড্ৰাগচ বিৰোধী অভিযান

নগদ ধন, ড্ৰাগচসহ আটক ৫ ড্ৰাগচ বেপাৰী

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটাত ড্ৰাগচ বিৰোধী অভিযান

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত ড্ৰাগচ বিৰোধী অভিযান। অভিযানত জব্দ নগদ ধন,ড্ৰাগচ, এখন মটৰ চাইকেল লগতে ৫ জনকৈ ড্ৰাগচ বেপাৰী।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটাকে আদি কৰি মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত অব্যাহত থকা মাৰাত্মক ড্ৰাগচ বিৰোধী অভিযান অব্যাহত আছে। মঙলবাৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰ ভিত্তিত অভিযান চলাই মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলৰ পৰা ড্ৰাগচ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোক কেইজন হৈছে ১ নং ডিবঙৰ চেং চিংফৌ (৩১), ৪ নং মাকুমপথাৰৰ কুনাল সৰকাৰ (৩২),অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ফোংচাৰ নিবাসী নঘম হাৰাপ (১৮), চিনমিক শ্বিন (৩৪) আৰু পংৱাং হাৰাপ (১৬) । লোক কেইজনৰ পৰা আৰক্ষীয়ে ৬৪.৪৫ গ্ৰাম ড্ৰাগচ, নগদ ৪২,৩০০ হাজাৰ টকা আৰু এ এচ ২৩ এক্স ০১৮৯ নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰিছে।

ইতিমধ্যে লোক কেইজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষীয়ে এন ডি পি এচৰ অধীনত এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জনায়।

আৰু পঢ়কঃ বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰশাসনৰ উচ্ছেদ অভিযান

crime Assam police