বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰশাসনৰ উচ্ছেদ অভিযান

বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰশাসনৰ উচ্ছেদ অভিযান

ডিজিটেল সংবাদ,ৰূপহীহাটঃ ৰাজ্যৰ বিভিন্ন স্থানত চলাৰ দৰে এইবাৰ বুঢ়াচাপৰি অভয়াৰণ্যত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান । মঙলবাৰে পুৱাৰে পৰা ভালেসংখ্যক আৰক্ষী,অৰ্দ্ধসামৰিক বাহিনী আৰু বন কৰ্মীৰ উপস্থিতিত এফালৰ পৰা জে চি বি ৰে চলোৱা হৈছে উচ্ছেদ অভিযান ।

উল্লেখ্য যে, প্ৰায় ৪৪ বৰ্গ কিলোমিটাৰৰ এই বনাঞ্চলখনক ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হৈছিল । নগাঁও আৰু শোণিতপুৰ জিলা সামৰি থকা এই বন্যপ্ৰাণী অভয়াৰণ্যখন একাংশ লোকে অবৈধভাৱে দখল কৰি জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি নমাই আনিছিল ।

সেয়ে চৰকাৰৰ নিৰ্দেশমৰ্মে এই বনাঞ্চলখনৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব । অভয়াৰণ্যখনৰ বেতনি আৰু লংকেটাপু চৰত চলিছে নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান । অভিযান শান্তিপূৰ্ণভাৱে হোৱা বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in