নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁও জিলাত চিৰাং আৰক্ষীৰ অভিযান!

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁও জিলাত চিৰাং আৰক্ষীৰ অভিযান!

author-image
asomiyapratidin
New Update
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁও জিলাত চিৰাং আৰক্ষীৰ অভিযান!

ডিজিটেল সংবাদ, চিৰাং : বঙাইগাঁও জিলাত গৈ ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সফল অভিযান চলাই হিমাঙ্গ কলিতা (২০) ওৰফে মাঙ্গো নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়া মতে চিৰাঙৰ উপ আৰক্ষী অধীক্ষক লব কুমাৰ ডেকাৰ নেতৃত্বত আজি পুৱতি নিশা বঙাইগাঁও জিলাৰ বঙাইগাঁও চহৰৰ নিউ কোলোনী এলেকাত অভিযান চলাই হিমাঙ্গ কলিতা (২০) ওৰফে মাঙ্গো নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।

Advertisment

ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা অভিযানকাৰী আৰক্ষীয়ে চাৰি গ্ৰাম নিষিদ্ধ হেৰোয়িন, নগদ চাৰি লাখ নব্বৈ হেজাৰ চাৰিশ টকা, দুটা চিৰিঞ্জ, এটা আইপেড, আঠটা মোবাইল হেণ্ডচেট, আৰু এখন ইয়ামাহা এফ জেড মটৰচাইকেল জব্দ কৰে । ড্ৰাগছ সৰবৰাহকাৰী মাঙ্গোক আটক কৰি চিৰাঙত আনি অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ।

আৰু পঢ়ক : পতি-পত্নীৰ কাজিয়া সমাধানৰ বাবে আৰক্ষীয়ে বিচাৰিলে ৪০ হাজাৰঃ হতাশগ্ৰস্ত হৈ যুৱকে কৰিলে আত্মহত্যা…

Narcotics. drugs seized bongaigaon Assam police