নিশা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: জব্দ ১১ কোটি টকাৰ হেৰোইন...

নিশা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: জব্দ ১১ কোটি টকাৰ হেৰোইন

author-image
Asomiya Pratidin
New Update
নিশা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: জব্দ ১১ কোটি টকাৰ হেৰোইন...

ডিজিটেল ডেস্ক : অসম আৰক্ষী আৰু কামৰূপ জিলাৰ আৰক্ষীৰ সফলতা। অসম আৰক্ষীৰ স্পিচিয়েল টাস্ক ফ'ৰ্চে (এছটিএফ) দুটা পৃথক অভিযানত প্ৰায় ১১ কোটি টকাৰ বৃহৎ পৰিমাণৰ হেৰোইন জব্দ কৰে।

Advertisment

ডিআইজি পাৰ্থ সাৰথি মহন্তই জনোৱা অনুসৰি গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কামৰূপ জিলা আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই এখন বাহনৰ পৰা ৭০০ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে । যাৰ বজাৰ মূল্য ৫ কোটি ৫০ লাখ টকা। উক্ত ড্ৰাগছখিনি গুৱাহাটীৰ পৰা ধুবুৰীৰ অভিমুখে নি থকা অৱস্থাত জব্দ কৰা হয়। আনহাতে আন এটা অভিযানতো আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰোইন। দুয়োটা অভিযানত জব্দাকৃত মুঠ হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় ১১ কোটি টকা।

উক্ত হেৰোইন জব্দ কৰাৰ সমান্তৰালভাৱে ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে । গ্রেপ্তাৰ হোৱা লোককেইজন হ'ল আব্দুল হাই, মহিদল ইছলাম আৰু ৰফিকুল ইছলাম। উল্লেখ্য পৰৱৰ্তী অনুসন্ধানৰ বাবে সৰবৰাহী কেইজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: শান্ত হোৱা নাই মণিপুৰ; নিশা বিদ্রোহীৰ গুলীত নিহত...

Assam police