আৰক্ষী সঞ্চালক প্রধান জি. পি. সিঙৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক, কেইবাটাও সিদ্ধান্ত গ্ৰহণ

অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত ২ ফেব্ৰুৱাৰীত আৰক্ষী সঞ্চালক প্রধান জি. পি. সিঙৰ উপস্থিতিত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
আৰক্ষী সঞ্চালক প্রধান জি. পি. সিঙৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক, কেইবাটাও সিদ্ধান্ত গ্ৰহণ

ফাইল ফটো

ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত ২ ফেব্ৰুৱাৰীত আৰক্ষী সঞ্চালক প্রধান জি. পি. সিঙৰ উপস্থিতিত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আৰক্ষী অধীক্ষক পৰ্যায়ৰ পৰা উচ্চ পর্যায়লৈ সকলো বিষয়াই অংশ গ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন জিলাৰ কৰ্মৰত বিষয়া সকলে এই বৈঠকত অংশ গ্ৰহণ কৰে।

Advertisment

এই বৈঠকত লোৱা সিদ্ধান্ত সমূহ তলত উল্লেখ কৰা হ'ল-

  • অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় আৰু ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিটো কর্মদিনত পুৱা ১১-৩০ বজাৰ পৰা বিয়লি ১-০০ বজালৈ এজন বিষয়া উপস্থিত থকাটো নিশ্চিত কৰা হ'ব। যিয়ে ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগসমূহ নিৰাময়ৰ ব্যৱস্থা কৰিব। এই ব্যৱস্থা অহা ১৩ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ পৰা আৰম্ভ হ'ব।

  • জৰুৰী অৱস্থাৰ বাহিৰে অন্যান্য দিনত আৰক্ষী অধীক্ষক সকলৰ অধীনস্থ এলেকা সমূহত নিয়োজিত আৰক্ষীৰ লোকসকলৰ প্ৰতি সপ্তাহত এটা ছুটী দিন বাধ্যতামূলক কৰা হ'ব। অৱশ্যে এই নিয়ম থানা আৰু আৰক্ষী চকিসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলকে ধৰি চাৰ্ছ পোষ্ট'ত থকা আৰক্ষীৰ অন্যান্য লোকসকলৰ ক্ষেত্ৰত প্রযোজ্য নহ'ব।

  • অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়কে ধৰি সকলো জিলা, বেটেলিয়ানৰ কাৰ্য্যালয় আৰু অসম আৰক্ষীৰ অধীনস্থ অন্যান্য সংস্থাসমূহে অহা দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰীৰ পেঞ্চন সংক্রান্তীয় কাম- কাজসমূহ নিষ্পত্তি কৰাটো নিশ্চিত কৰিব । লগতে, এতিয়াৰ পৰা কমেও এবছৰৰ আগৰ পৰাই অৱসৰ গ্ৰহন কৰিবলগা বিষয়া-কৰ্মচাৰী তথা অন্যান্য আৰক্ষীৰ লোকসকলৰ পেঞ্চন সংক্রান্তীয় কাম-কাজসমূহ আৰম্ভ হ'ব।

  • জিলা, বেটেলিয়ানসমূহৰ লগতে আৰক্ষীৰ অন্যান্য সংস্থাসমূহত সকলো মহিলা আৰক্ষীৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা কৰা হ'ব।

  • আৰক্ষীৰ লোকসকলে ৰাইজে স্পষ্টকৈ দেখাকৈ স্থানীয় বা দ্বি ভাষিক নামপ্লেট লগাব লাগিব।

    এই বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে আৰক্ষী বিষয়া সকে ৰাইজ তথা সহ কৰ্মীক সন্মান তথা মৰ্যদা প্ৰদান কৰাতো নিশ্চিত কৰিব লাগিব।

    লগতে সকলোকে স্বাস্থ্যৰ যতন ল'বলৈও আহ্বান জনাই সিঙে।

আৰু পঢ়ক: নিৰুদ্দেশ হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ পিতৃ মোছলেম আলী

Assam police gp singh