/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f8ef0305-5fa5-4c63-85d1-3cc3714538fe/13081ff6-9d1b-455e-8ade-49c17f8dc2f9.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ উদ্যোগত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় বান সাহায্য বিতৰণ কাৰ্যসূচী। এই কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকে ।
অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাই আজি মন্ত্ৰী হাজৰীকাৰ হাতত বান সাহায্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। অনুষ্ঠানত বানপীড়িত এটা অঞ্চললৈ খাদ্য তথা সাহায্য সামগ্ৰী প্ৰেৰণ কৰিবলৈ সাজু কৰা এখন গাড়ীৰো ফ্লেগ অফ কৰে মন্ত্ৰী হাজৰীকাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2b0e4677-a690-44c7-8511-984391604712/9041de14-6fc2-4f35-98ea-23b4a9285e0b.jpg)
সংস্থাটোৰ এনে কাৰ্য্যৰ বাবে সমূহ সদস্যক কৃতজ্ঞতা জনাই মন্ত্ৰী হাজৰীকাই। তেওঁলোকে ভৱিষ্যতেও এনেধৰণৰ কল্যাণমূলক কাৰ্যসূচী হাতত ল'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ।
Also Read: বঙাইগাঁও শোধনাগাৰৰ হাই চিকিউৰিটি জ'নত চোৰৰ চাফাই অভিযান