শিশু বলাৎকাৰৰ অভিযুক্ত মুহিম শৰ্মালৈ আৰক্ষীৰ গুলী…

শিশু বলাৎকাৰৰ অভিযুক্ত মুহিম শৰ্মালৈ আৰক্ষীৰ গুলী…

author-image
asomiyapratidin
New Update
মুখত চূণ সানি,চেণ্ডেলৰ মাল পিন্ধাই উত্তম-মাধ্যম ৰাইজৰ, কৰিছিল জঘন্য কাণ্ড…

ডিজিটেল সংবাদ, বিশ্বনাথ: বিশ্বনাথত শিশু বলাৎকাৰীলৈ আৰক্ষীৰ গুলী। গুলীবিদ্ধ অভিযুক্ত কাঠনিবাৰীঘাটৰ মুহিম শৰ্মা।

Advertisment

প্ৰায় ৬০ বছৰ বয়সীয়া শৰ্মাৰ বিৰুদ্ধে এটি শিশুক বলাৎকাৰৰ অভিযোগ উত্থাপন হৈছিল। তাৰপাছতেই দেওবাৰে গঞাই চুলি খুৰাই, চূণ লেপি, চেণ্ডেলৰ মালা পিন্ধাই বিহিছিল শাস্তি।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ব কৰে অভিযুক্তক। ইয়াৰ পাছতেই দেওবাৰে মাজনিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে।

ভৰিত গুলীবিদ্ধ অভিযুক্ত মুহিম শৰ্মাক বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আৰু পঢ়ক: নাৰায়ণপুৰত বানে উটুৱাই নিলে পকী দলং

সৰুপথাৰত পিষ্টলসহ আটক এজন…

rape encounter Assam police