/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/en.jpg)
ডিজিটেল সংবাদ, জোনাই: বুধবাৰে ধেমাজি জিলাৰ জোনাইত ড্ৰাগছ সৰবৰাহকাৰী লৈ আৰক্ষীৰ গুলী। জোনাইত আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত কাৰ্দং। বিশ্বজিত কাৰ্দঙৰ ভৰিত লাগিছে আৰক্ষীৰ গুলী।
জানিব পৰামতে জোনাই আৰক্ষীয়ে আজি দুপৰীয়া বিশেষ সূত্ৰৰ পম খেদি জোনাই বজাৰ কলেজ ৰোডত ড্ৰাগছ বিৰোধী অভিযান চলায়। জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমণি দাস আৰু জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াৰ নেত্ৰকমল শইকীয়াৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত জোনাই বজাৰত ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত কাৰ্দঙক আটক কৰে।
কিন্তু আৰক্ষীৰ পৰা পিষ্টল কাৰি আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলিত আহত হয় ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত কাৰ্দং। ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত কাৰ্দঙৰ ভৰিত গুলী লাগি আহত হয়।
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আহত বিশ্বজিত কাৰ্দঙক জোনাই ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰি ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিশ্বজিত কাৰ্দঙৰ ঘৰ জোনাইৰ মধ্যপুৰত বুলি জানিব পৰা গৈছে।
ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত কাৰ্দঙৰ পৰা প্ৰায় 70 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে এটা চুৰি, নগদ প্ৰায় 12 হেজাৰ টকা আৰু পৰিচয় পত্ৰ আদি আৰক্ষীয়ে উদ্ধাৰ কৰে। ইপিনে আৰক্ষীয়ে জানিব লৈ দিয়া মতে 2020 চনটো বিশ্বজিত কাৰ্দঙে ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল। আৰক্ষীৰ গুলিত ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিত কাৰ্দঙে আহত হোৱা ঘটনাই জোনাইত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
আৰু পঢ়ক: মাজুলীত অব্যাহত খহনীয়া, পুনৰ এখন সত্ৰ নদীৰ বুকুত জাহ যোৱাৰ পথত…