আৰক্ষীৰ গুলীত নিহত গৰু সৰবৰাহকাৰী…

আৰক্ষীৰ গুলীত নিহত গৰু সৰবৰাহকাৰী…

author-image
asomiyapratidin
New Update
আৰক্ষীৰ গুলীত নিহত গৰু সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, ধুবুৰী: দেওবাৰে পুৱা ধুবুৰীৰ সাপটগ্ৰামৰ ভেৰভেৰী অঞ্চলত গৰু সৰবৰাহকাৰী আৰু আৰক্ষীৰ মাজত ভয়ংকৰ সংঘৰ্ষ  সংঘটিত হয়।উল্লেখ্য যে গৰু সৰবৰাহকাৰীয়ে জিলাখনৰ নয়াহাট হৈ লঘু বাহনত চোৰাংকৈ গৰু লৈ যোৱাৰ সময়ত নয়াহাট উপ আৰক্ষী চকীৰ আৰক্ষী বিষয়া জিতুমনি বৈশ্যৰ লগতে  আৰক্ষীৰ এটা দলে আটক কৰাৰ চেষ্টা কৰে। তেনে সময়তে আৰক্ষীক উদ্দেশ্য কৰি গৰু সৰবৰাহকাৰীয়ে বাহনৰ পৰা গুলী  চালনা কৰাৰ ফলস্বৰূপে  তুমুল সংঘৰ্ষ সংঘটিত হয়।

Advertisment

আত্মৰক্ষাৰ বাবে গৰু সৰবৰাহকাৰীৰ  বিৰুদ্ধে আৰক্ষীয়ে গুলী চালনা কৰে আৰু বাহনখনত থকা এজন দুৰ্ধষ গৰু সৰবৰাহকাৰী আৰক্ষীৰ গুলীত নিহত  হোৱাৰ লগতে আন এজন গুৰুতৰভাবে আহত হয়। ঘটনাস্থলীৰ পৰা আন এজন পলাই যাবলৈ সক্ষম হয় যদিও চাৰিগৰাকীৰ ভিতৰত  সাইদুৰ আলী(২৩) নামৰ আন এগৰাকী গৰু সৰবৰাহকাৰী আৰক্ষীৰ ওচৰত আত্নসমৰ্পন কৰে।

নিহত লোকজন সোনোৱাৰ আলী(৩৩) আৰু আহত লোকজন নাছিৰুদ্দিন বুলি ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে জানিবলৈ দিয়ে। নিহত জনৰ ঘৰ জিলাখনৰ বিলাসীপাৰা আৰু আহত জন কোকৰাঝাৰ জিলাৰ তুলসীবিল বুলি জানিব  পৰা গৈছে।আহত লোক জনক ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক: এ ডি পি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে দ্বিতীয় গৰাকী সহকাৰী অধ্যাপিকাই আগবঢ়ালে ৰাজহুৱা মন্তব্য…

assam encounter dhubri