আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ ডকাইত…

আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ ডকাইত…

author-image
asomiyapratidin
New Update
আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ ডকাইত…

ডিজিটেল সংবাদ, চিৰাং : যোৱা ২৪ ঘন্টাৰ ভিতৰত চিৰাঙত পুনৰ এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে । চিৰাং আৰক্ষীৰ গুলীত নিহত হৈছে এজন দুৰ্ধৰ্ষ ডকাইত । নিহত ডকাইত জনক মনজিত বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে ।

Advertisment

আৰক্ষীৰ এনকাউন্টাৰত নিহত ডকাইত মনজিত বসুমতাৰী চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কিষানবাজাৰ-খামাৰপাৰাত মঙলবাৰ নিশা ৰাজা বড়োৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে দাবী কৰিছে । কালি নিশাৰ এনকাউন্টাৰ সন্দৰ্ভত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই জানিবলৈ দিয়া মতে নিশা মনজিত বসুমতাৰীয়ে অসমৰ পৰা পলায়ন কৰাৰ উদ্দেশ্যে বঙাইগাঁও ৰেলষ্টচন অভিমুখে গৈ থকাৰ সময়তে ৰেলষ্টচনৰ সমীপৰ ৰেলগেটৰ পৰা চিৰাং আৰক্ষীয়ে আটক কৰে ।

অন্য খবৰ পঢ়ক: শস্য আৰু বাগিচা উন্নয়ন নিগমক পুনৰজ্জীৱিত কৰাৰ বাবে সিদ্ধান্ত …

তাৰ পিছত চিৰাং আৰক্ষীয়ে মনজিত বসুমতাৰীক মঙলবাৰ নিশা ৰাজা বড়োৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো উলিয়াই দিবলৈ সোধপোচ কৰাত মনজিতে পিষ্টলটো আই নৈৰ হাগ্ৰামা দলঙৰ তলত লুকুৱাই ৰখাৰ কথা সদৰি কৰে।

পিছত অভিযানকাৰী আৰক্ষীৰ দলে মনজিত বসুমতাৰীক লৈ হাগ্ৰামা দলঙৰ ওচৰত লৈ যোৱাত মনজিতে মাটিৰ তলত লুকাই ৰখা পিষ্টলটো দেখুৱাই দি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰাৰ চেষ্টা চলাওতে আৰক্ষীয়ে খেদি খেদি গৈ গুলীচালনা কৰাত মনজিত বসুমতাৰী গুলীবিদ্ধ হৈ বাগৰি পৰে । পিছত আৰক্ষীয়ে গুলীবিদ্ধ মনজিত বসুমতাৰীক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মনজিত বসুমতাৰীক মৃত বুলি ঘোষনা কৰে ।

আৰু পঢ়ক: বিজেপিৰ শাসনত মুছলমান সকলে নিজকে সুৰক্ষিত অনুভৱ কৰে: বিজেপি

assam Assam police encounter