পুনৰ এনকাউন্টাৰ; আৰক্ষীৰ গুলীত আহত যুৱক…

পুনৰ এনকাউন্টাৰ; আৰক্ষীৰ গুলীত আহত যুৱক…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: বুধবাৰে নিশা কাজিৰঙাত চাঞ্চল্যকৰ ঘটনা। কোনো সংগঠনৰ নামত দাবী কৰা ধন নিবলৈ আহোতেই আৰক্ষীৰ জালত পৰে ৪ যুৱক।

Advertisment

উল্লেখ্য যে, কাজিৰঙাৰ হালধীবাৰীৰ বালেশ্বৰ নামৰ ধাবাখনৰ স্বত্বাধিকাৰী ৰঞ্জিত অসম নামেৰে ৫০ হাজাৰ টকা দাবী কৰিছিল আকিদুৰ ৰহমান নামৰ যুৱক জনে।

তাৰপাছতেই ঘটনা অসামৰিক পোচাকত ধাবাৰ সমীপত খাপ পিতি থাকে গোলাঘাট আৰক্ষীয়ে। সন্ধিয়া আটিকুৰ ৰহমানে ৩ সহযোগী ইদুল আহমেদ, মহেন্দ্ৰ শইকীয়া, ভাৰ্গৱ তামুলীৰ লগত ধন নিবলৈ আহে।

৩ যুৱক কিছুদূৰত ৰৈ থাকে আৰু আকিদুৰে ধন নিবলৈ আহে। পাছত আৰক্ষীয়ে কৰায়ত্ত কৰিব খোজাত আকিদুৰে গাড়ী লৈ পলায়নৰ চেষ্টা কৰে।আৰু তেতিয়াই আৰক্ষীয় কৰায়ত্ত কৰে আকিদুৰক আৰু পলাই যায় ৩ যুৱক।

নিশা পুনৰ আকিদুৰক লগত লৈ ৩ যুৱকৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই  কিন্তু আকিদুৰে পলায়ণৰ চেষ্টা চলায়। তেতিয়াই আৰক্ষীৰ গুলীত আহত হয় আকিদুৰ। এই ঘটনাত এগৰাকী আৰক্ষী বিষয়াও আহত হয়।অৱশ্যে পৰৱৰ্তী সময়ত আন ৩ যুনককো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আৰু পঢ়ক: আপোনাৰ যাত্ৰা শুভ হওক…

Assam police encounter