/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/201905031027519210_80-rowdies-killed-in-TN-police-encounter-so-far_SECVPF.jpg)
ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। চৰাইদেউত আৰক্ষীৰ গুলীত আহত এজন যুৱক। আহত যুৱক জনৰ নাম সুৰয গগৈ।
গুলীবিদ্ধ যুৱকজনক ভৰ্তি কৰা হৈছে এএমচিএইচত। সন্দেহ অনুসৰি উগ্ৰপন্থী সংগঠনৰ সদস্য। উগ্ৰপন্থী সংগঠনৰ লগত জড়িতৰ সন্দেহতে যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান। যুৱকজনৰ বিৰুদ্ধে আছিল বহু অভিযোগ।
আৰক্ষীয়ে জনাই যে যুৱকজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীয়াই আহত কৰে যুৱকজনক।তাৰপাছতে হস্পাতালত ভৰ্তি কৰোৱা হয় সুৰযক।