ঢকুৱাখনাৰ তিনি থানাত অসম আৰক্ষী দিৱস উদযাপন

শনিবাৰে উদযাপন কৰা হয় অসম আৰক্ষী দিৱস।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ তিনি থানাত অসম আৰক্ষী দিৱস উদযাপন

assam police day

ডিজিটেল সংবাদ, ঢকুৱাখনা: শনিবাৰে উদযাপন কৰা হয় অসম আৰক্ষী দিৱস। সৰ্বসাধাৰণ নাগৰিকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান আৰু শান্তি সম্প্ৰীতিৰ বাতাবৰণ বৰ্তাই ৰখাই এক মানৱতাবোধ সম্পন্ন সুস্থ পৰিবেশ গঢ়াত আত্মনিয়োগ কৰি অহা অসম আৰক্ষীৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস শনিবাৰে ঢকুৱাখনা মহকুমাৰ তিনিখন আৰক্ষী থানাত উদযাপন কৰা হয় ।

Advertisment

মহকুমাটোৰ ঢকুৱাখনা সদৰ থানা ,ঘিলামৰা থানা আৰু সোনাৰী চাপৰি আৰক্ষী চকীত  শনিবাৰে  পুৱা আৰক্ষী পৰিয়ালৰ সহযোগত এই দিৱসটো উদযাপন কৰা হয় ।ঢকুৱাখনা সদৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়ৰ পতাকা উত্তোলনেৰে এই দিৱসটোৰ শুভাৰম্ভ কৰা হয় ।

জ্যেষ্ঠ উপ পৰিদর্শক দীনেশ মেধি , উপ পৰিদর্শক সিদ্ধাৰ্থ নাথ ,সহকাৰী উপ পৰিদর্শক জাতিৰাম গয়াৰী , থানাৰ গৰিষ্ঠ সংখ্যক আৰক্ষী ,গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা আৰু ৰাইজৰ  উপস্থিতিত আৰক্ষী দিৱসৰ তাৎপৰ্য আৰু সাম্প্ৰতিক সময়ত আৰক্ষী জনসাধাৰণৰ মাজত থকা সু সম্পৰ্ক আৰু ভাতৃত্ববোধ সম্পন্ন  পৰিবেশ অনাগত সময়তো শ্ৰদ্ধাশীল ভাবে বৰ্তাই ৰাখিবলৈ আৰক্ষী বিভাগৰ কৰণীয়তা সন্দৰ্ভত চমু বক্তব্য ৰাখে ভাৰপ্ৰাপ্ত বিষয়া ৰয়ে ।

তাৰোপৰি দিৱসৰ সতে সংগতি ৰাখি উপস্থিত আৰক্ষী ,নিৰাপত্তা বাহিনীৰ বিষয়ববীয়া আৰু জোৱান সকলে দিৱসৰ  শপত গ্ৰহণ কৰি দিৱসৰ সামৰণি মাৰে । তেনেকৈ ঘিলামৰা আৰক্ষী থানাতো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন দাসে পতাকা উত্তোলনেৰে দিৱসৰ পাতনি মেলি আৰক্ষী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে । থানাখনৰ উপ পৰিদর্শক উমা বৰুৱা ,গৰিষ্ঠ সংখ্যক আৰক্ষী জোৱান আৰু গাঁওৰক্ষী বাহিনীৰ কৰ্মকর্তাৰ উপস্থিতিত আৰক্ষী দিৱসৰ সংকল্প গ্ৰহণ কৰে ।

মহকুমাটোৰ সোনাৰী চাপৰি আৰক্ষী চকীটো  ভাৰপ্ৰাপ্ত বিষয়া চাম চুদ্দীন আহমেদৰ পতাকা উত্তোলনৰ পাছত আৰক্ষী দিৱসৰ শপত গ্ৰহনেৰে দিৱসটো উদযাপন কৰা হয় । উল্লেখ্য যে ১৯৫১ চনত অসম আৰক্ষীৰ প্ৰথম গৰাকী মুৰব্বী হিচাবে  ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধাৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰা ১ অক্টোবৰ দিনটোৰ সশ্ৰদ্ধ স্মৰণ কৰি  ধাৰাবাহিক ভাবে অসম আৰক্ষী দিৱস উদযাপন কৰি অহা হৈছে।

assam dhakuakhana assam police day