বাইহাটা চাৰিআলিত মাটিত পুতি থোৱা অৱস্থাত বিশ লক্ষাধিক টকাৰ ম'বাইল ফোনৰ লগতে বিভিন্ন সামগ্ৰী উদ্ধাৰ

ভুৱা পৰিচয় পত্ৰৰে নিযুক্তি লাভ কৰা ফ্লিপকাৰ্টৰ ডেলিভাৰি বয়ে লুট কৰিছিল উক্ত সামগ্ৰী

author-image
Asomiya Pratidin
New Update
বাইহাটা চাৰিআলিত মাটিত পুতি থোৱা অৱস্থাত বিশ লক্ষাধিক টকাৰ ম'বাইল ফোনৰ লগতে বিভিন্ন সামগ্ৰী উদ্ধাৰ

ডিজিটেল সংবাদ, দুমুনিচকী : ভুৱা পৰিচয় পত্ৰৰে নিযুক্তি লাভ কৰা ডেলিভাৰি বয়ে ফ্লিপকাৰ্টৰ বিশ লক্ষাধিক টকাৰ সা- সামগ্ৰী লুট কৰা এক আশ্চৰ্য্যকৰ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুটা প্ৰৱঞ্চকক আটক কৰে যদিও ভুৱা পৰিচয় পত্ৰ প্ৰস্তুত কৰাৰ লগতে উক্ত কাণ্ডত জড়িত বৃহৎ চক্ৰটোক উৎখাত কৰি বৰ্তমানেও আটাইবোৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত হালধা গাওঁ নিবাসী জিতুল আলী নামৰ যুৱক এজনে ফ্লিপকাৰ্টৰ মালিগাওঁস্থিত হাব'ত ডেলিভাৰি বয় নিযুক্তি লাভ কৰে। প্ৰৱঞ্চক জিতুল আলীয়ে ডেলিভাৰি বয় নিযুক্তি দিয়াৰ পূৰ্বে ভুৱা পৰিচয়পত্ৰ প্ৰস্তুত কৰাৰ লগতে উক্ত পৰিচয় পত্ৰৰ জৰিয়তে ম'বাইলৰ চিম কাৰ্ড আদিও সংগ্ৰহ কৰি লয়।

প্ৰৱঞ্চনাৰে সহজ ধন লাভৰ বাবে ভুৱা পৰিচয় পত্ৰৰে কেৱল ডেলিভাৰি বয় নিযুক্তি দিয়াই নহয় আনকি ভুৱা পৰিচয়- পত্ৰ, ফোন নম্বৰৰ জৰিয়তে নিজেই গ্ৰাহক হৈ ফ্লিপকাৰ্টৰ পৰা মুল্যবান ম'বাইল ফোন আদিও অৰ্ডাৰ কৰে। পিছত নিজেই অৰ্ডাৰ কৰা সামগ্ৰী নিজেই ডেলিভাৰি দিবলৈ গৈ অন্তৰ্ধান হৈ পৰে প্ৰৱঞ্চক চক্ৰটোৰ সৈতে জড়িত যুৱক সকল। উক্ত সমগ্ৰ কাৰ্য্যৰ সৈতে জড়িত একেখন গাঁৱৰ বুবুল আলী নামৰ যুৱক এজনো অন্যতম বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত সময়ত গাওঁ পঞ্চায়ত সমুহত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ সময়ত হালধা গাঁৱৰ ফিৰোজ আলী নামৰ এজন যুৱকৰ সৈতে বুবুল আলীয়ে তিতকুছি গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ কামত জড়িত হৈ আছিল। ফলত স্বাভাৱিকতেই আধাৰ কাৰ্ড প্ৰস্তুত কৰা অথবা অন্য পৰিচয় পত্ৰ প্ৰস্তুত কৰাত বুবুল আলী অভ্যস্ত হৈ পৰা বুলি জানিবলৈ দিয়ে স্থানীয় সচেতন লোকসকলে।

এনেদৰে প্ৰায় কেইবামাহ ধৰি ফ্লিপকাৰ্টৰ পৰা বিশ লক্ষাধিক টকাৰ সামগ্ৰী লুট কৰে প্ৰৱঞ্চক চক্ৰটোৱে। আধুনিক তথ্য-প্ৰযুক্তিৰ সহায়ত প্ৰৱঞ্চনাৰ সুযোগ লাভ কৰা চক্ৰটোৰ বিৰুদ্ধে ফ্লিপকাৰ্টৰ সংশ্লিষ্ট কৰ্তৃপক্ষই জালুকবাৰী আৰক্ষী চকীত অভিযোগ দাখিল কৰে। যাৰ ফলত দীৰ্ঘদিনীয়া তদন্তৰ অন্তত অবশেষত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত হালধাৰ পৰা এপষেক পূৰ্বে প্ৰৱঞ্চক জিতুল আলী আৰু বুবুল আলীক জালুকবাৰী আৰক্ষীয়ে আটক কৰে।

লগতে হালধা গাঁৱত মাটিত পুতি থোৱা অৱস্থাৰ পৰা কেইবাটাও ম'বাইল ফোনৰ উপৰি আন মুল্যবান সামগ্ৰীও উদ্ধাৰ কৰে। আৰক্ষীয়ে চক্ৰটোৰ পৰা কোনো লোকে ক্ৰয় কৰা সামগ্ৰী জালুকবাৰী আৰক্ষী চকীত জমা দিবলৈ আহ্বান জনায় সময়সীমা বান্ধি দিয়ে। সেই মৰ্মে একাংশ যুৱকে ক্ৰয় কৰা ম'বাইল ফোন জালুকবাৰী আৰক্ষীৰ ওচৰত জমা দিয়া বুলি জানিবলৈ দিয়ে যদিওঁ ফ্লিপকাৰ্টৰ পৰা লুট কৰা আটাইবোৰ সামগ্ৰী বৰ্তমানলৈকে জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষীয়ে বিষয় সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে যদিওঁ বিগত বৰ্ষতে অভিযোগ লাভ কৰা জালুকবাৰী আৰক্ষীয়ে শামুকীয়া গতিৰে তদন্ত কৰি এটা পষেক পুৰ্বে দুটা প্ৰবঞ্চকক আটক কৰে। তেনে ক্ষেত্ৰত অনাগত সময়ৰ তদন্তত কিমান দূৰ সফল হ'ব তাক লৈও সন্দেহৰ উদ্ৰেক হৈছে অঞ্চলবাসী সচেতন লোকৰ।

ইফালে স্থানীয় লোকৰ পৰা জানিব পৰা মতে জিতুল আৰু বুবুলক আটক কৰাৰ পিছৰে পৰা দুয়োজনৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা গাঁওখনৰ একাংশ যুৱকে সন্দেহজনকভাৱে আত্মগোপন কৰি আহিছে। যাৰ ফলত উক্ত যুৱক কেইজন প্ৰৱঞ্চক চক্ৰটোৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীক তদন্তৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।

স্থানীয় লোকে ভুৱা পৰিচয়পত্ৰ প্ৰস্তুত কৰাত ব্যৱহাৰ হোৱা কম্পিউটাৰ আদি জব্দ কৰাৰ লগতে উক্ত ভুৱা পৰিচয়পত্ৰ আন কি কাৰ্য্যত ব্যৱহাৰ কৰা হৈছে উক্ত বিষয় সন্দৰ্ভতো তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে। লগতে উক্ত প্ৰবঞ্চক চক্ৰটোৰ সৈতে জড়িত আটাইকেইটাক চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে হালধা অঞ্চলৰ সচেতন লোকে সকলে দাবী উত্থাপন কৰিছে।

Also Read: নগাঁৱত শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশলৈ অৱদান আগবঢ়োৱা চাৰি পুৰোধা ব্যক্তিক ৰাজহুৱা সন্মান

Assam police