মাতৃ-পুত্ৰক ড্ৰাগছ সহ কৰায়ত্ব জাজৰি আৰক্ষীৰ !

মাতৃ-পুত্ৰক ড্ৰাগছ সহ কৰায়ত্ব জাজৰি আৰক্ষীৰ !

author-image
asomiyapratidin
New Update
মাতৃ-পুত্ৰক ড্ৰাগছ সহ কৰায়ত্ব জাজৰি আৰক্ষীৰ !

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম মুলুকত নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে বটদ্ৰৱাৰ জাজৰিত। পুত্ৰক ড্ৰাগছ সৰবৰাহত জড়িত কৰিছে মাতৃয়ে। মাতৃ-পুত্ৰক ড্ৰাগছ সহ কৰায়ত্ব জাজৰি আৰক্ষীৰ। আটকাধীন ড্ৰাগচ সৰবৰাহকাৰী দুটা জহিদুৰ ৰহমান আৰু মাতৃ জোনমনি বেগম। ঘৰ মৰিগাঁও জিলাৰ মিকিৰভেটাত।

Advertisment

নগাঁৱৰ পৰা জাজৰি হৈ মিকিৰভেটালৈ এখন স্কুটিৰে গৈ থকা অৱস্থাত জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰ জ্যোতি বৰাৰ নেতৃত্বত অভিযান চলাই জাজৰি চিণ্ডিকেটত কৰায়ত্ব কৰে মাতৃ-পুত্ৰক। লগতে স্কুটিৰ ভিতৰৰ পৰা ৩০ টা ড্ৰাগচ ভৰ্তি কন্টেইনাৰ জব্দ কৰে। জব্দকৃত ড্ৰাগচৰ ওজন ৩, ৪০ গ্ৰাম। ইতিমধ্যে জাজৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত ৰাখিছে।

আৰু পঢ়ক : কাছাৰত এক কোটি টকা মুল্যৰ মাৰাত্মক মৰ্ফিন জব্দ

batadrava Narcotics. drugs seized Assam police