/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল ডেস্ক:' সমগ্ৰ অসমতে জাকে জাকে যুৱক-যুৱতী সহস্ত্ৰ সংগঠনলৈ ঢাপলি মেলা ঘটনাই দেশৰ সচেতন মহলৰ চকু কপালত তুলিছে।যোৱা ১৭মে'ত আলফা(স্বা)লৈ ছ'চিয়েল মেডিয়াৰ যোগেদি সমৰ্থন আৰু প্ৰেৰণা আগবঢ়োৱাৰ অপৰাধত যোৰহাট ডি চি বি কলেজৰ ছাত্ৰীক অসম আৰক্ষীয়ে আটক কৰে।
যোৰহাট টীয়ক থানাৰ অন্তৰ্গত কাৱৈমাৰী এজাৰগুৰিৰ ছাত্ৰী গৰাকী অধ্যয়নৰ সূত্ৰে যোৰহাটৰ কুশল নগৰৰ এটা ছাত্ৰী নিবাসত আছিল।প্ৰপ্ত তথ্য মতে মেধাৱী ছাত্ৰী গৰাকীয়ে ছ'চিয়েল মেডিয়া ফেচবুকৰ জৰিয়তে আলফা(স্বা)ক সমৰ্থন কৰি পোষ্ট দি আহিছিল আৰু বিভিন্ন সেইধৰণৰ পোষ্ট চেয়াৰ কৰিছিল।
উৰিয়ামঘাট থানাৰ অন্তৰ্গত জয়াপথাৰ গাঁৱৰ এগৰাকী বান্ধৱী ঘৰৰ পৰা অসম আৰক্ষীয়ে আটক কৰে।অসম আৰক্ষী ছ'চিয়েল মেডিয়া তদাৰক কোষে ছাত্ৰী গৰাকীৰ একাউণ্ট নিৰীক্ষণ কৰি আছিল আৰু তেওঁক আৰক্ষীয়ে ছাত্ৰী নিবাসত নাপায় ফোনট্ৰেকৰ দ্বাৰা গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰত পায় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে এই সন্দৰ্ভত অসম আৰক্ষীয়ে উৰিয়ামঘাট থানাত ২০/২২ নম্বৰত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।
আৰু পঢ়ক: 'ছিক্সাৰ সিদ্ধু' অতীত, নতুন পৰিচয় হ'ব 'কয়দী সিদ্ধু'