/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1b543244-0e46-481b-a31f-65508dc1705a/Drugs.jpg)
ডিজিটেল সংবাদ: ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰেল নগৰী লামডিঙৰ এতিয়া অলিয়ে গলিয়ে সুলভ হৈ পৰিছে মাৰত্মক ড্ৰাগছ ৷ লামডিঙত প্ৰতিদিনেই আৰক্ষীৰ জালত পৰি ইজনৰ পিছত সিজনকৈ ড্ৰাগছ সৰৱৰাহকাৰী তথা সেৱন কৰা ব্যক্তি ৷
পুনৰ লামডিং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লামডিঙৰ ক্ৰসিংগেট অঞ্চলৰ বিভিন্ন এলেকাৰ পৰা ড্ৰাগছ সহ হাতে লোতে ছয় জন যুৱকক আটক কৰে। আটকাধীন যুৱক কেইজন বিকি মহতো, বিশ্বজিৎ দাস, পাচন দাস, অজয় বাৰই, তিলক সিং আৰু অভয় দাস বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, লামডিং আৰক্ষীয়ে যুৱক কেইজনৰ পৰা ৫০ টা কণ্টেইনাৰত প্ৰায় ৩১ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকা বুলি অনুমান কৰা হৈছে ।
Also Read: ওদালগুৰি জিলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us