/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/92c42de0-95fa-44bd-98f7-a17a9706fbb8/pfi_assam.jpg)
assam pfi arrest
ডিজিটেল ডেস্ক : অসমত গ্রেপ্তাৰ হোৱা ১০ পি.এফ.আই সদস্যক আৰক্ষী জিম্মালৈ প্রেৰণ কৰা হৈছে। ৫ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰা হৈছে আটাইকেইজনকে। সমগ্র দেশৰ লগতে বৃহস্পতিবাৰে অসমতো চলিছিল নিয়া-ইডিৰ অভিযান। উক্ত অভিযানত গ্রেপ্তাৰ কৰা হৈছিল সদস্যকেইজনক।
উল্লেখ্য যে অসমৰ পৰা ১০ জন পি.এফ.আইক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে কেৰালাত ২২ জন, মধ্য প্ৰদেশ আৰু কৰ্ণাটকৰত ২০ জনকৈ, অন্ধ্ৰপ্ৰদেশত ৫ জন, দিল্লীত ৩ জন, মধ্য প্ৰদেশত ৪ জন, পডুচেৰীত ৩ জন, তামিলনাডুত ১০ জন, উত্তৰ প্ৰদেশত ৮ জন আৰু ৰাজস্থানত ২ জন।
বৃহস্পতিবাৰে সমগ্ৰ দেশত প্ৰায় ১০০ৰো অধিক পি.এফ.আই গ্ৰেপ্তাৰ কৰা হৈছে। গৃহ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি দেশৰ প্ৰায় ৫০ টা স্থানত এই অভিযান চলোৱা হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে পিএফআইৰ অধ্যক্ষ অম চলাম। এতিয়াও অব্যাহত আছে এই অভিযান।