/asomiyapratidin/media/media_files/2025/05/03/YCYMSNZVm5Ypx4Ti7Cy6.jpg)
ডিজিটেল ডেস্কঃ ২ মে’, শুকুৰবাৰে সম্পন্ন হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যৰ কেইবাখনো জিলাত কেইবাটাও বিক্ষিপ্ত ঘটনাৰ লগতে বিশৃংখল পৰিস্থিতিৰ সূচনা হোৱাৰ অভিযোগ উঠিছিল। তাৰ পাছতেই ৰাজ্যিক নিৰ্বাচন আয়োগে কেইবাখনো জিলাৰ ৪০ টাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সম্পৰ্কে ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছে জাননী। আয়োগৰ জাননী অনুসৰি ৪ মে’ দেওবাৰে মুঠ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই জিলা কেইখন ক্ৰমে হাইলাকান্দি, শ্ৰীভূমি, লখিমপুৰ, গোলাঘাট আৰু মাজুলী।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ জাননী অনুসৰি হাইলাকান্দিত ৩১ টা, শ্ৰীভূমিত ৮ টা, লখিমপুৰত ২ টা, গোলাঘাট আৰু মাজুলীত এটাকৈ ভোটকেন্দ্ৰত পুনৰ ভোটদান হ’ব। ৪ মে'ত পুৱা ৭.৩০ বজাৰ পুৱা ৪.৩০ বজালৈ এই ভোটগ্ৰহণ কেন্দ্ৰবোৰত ভোটদান অনুষ্ঠিত হ'ব।
স্মৰ্তব্য, ২ মে’ত প্ৰথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হৈ যায়। মুঠ ১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ।
ইয়াৰে ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছে। মাজুলীৰ কাঁচিকটাৰ এটা ভোটগ্রহণ কেন্দ্ৰত কংগ্ৰেছ কৰ্মীয়ে ৰিগিঙৰ অভিযোগ তুলি প্রিজাইডিং বিষয়াক অপদস্থ কৰাৰ লগতে বেলট পেপাৰ কাঢ়ি নিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছিল। এই ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
বৰাক উপত্যকাৰ শ্রীভূমি আৰু হাইলাকান্দি জিলাত বহু কেইটা ভোট কেন্দ্ৰতো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্রতিদ্বন্দি প্ৰাৰ্থী আৰু সমৰ্থকৰ মাজত মাৰপিটৰ দৰেও ঘটনা সংঘটিত হৈছে। তাৰোপৰি বেলট কাকত কাঢ়ি নি পুখুৰীত পেলাই দিয়াৰো অভিযোগ উঠিছে।