/asomiyapratidin/media/media_files/2025/05/11/vnAW5uIAtfhZc3kqeJzO.jpg)
ডিজিটেল ডেস্কঃ পুৱা ৮ বজাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। যোৱা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ পাছত আজি ফলাফল ঘোষণা হ'ব।
ক'ত আৰু কিমান স্থানত ভোটগণনা
আজি ৰাজ্যৰ মুঠ ৩৯ টা স্থানত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। জিলাসমূহৰ সদৰৰ লগতে একাংশ সম জিলাতো এইবাৰ স্থাপন কৰা হৈছে ভোটগণনা কেন্দ্ৰ। সেই অনুসৰিয়েই ২৭ খন জিলাত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে স্থাপন কৰা হৈছে ৩৯ টা কেন্দ্ৰ।
ৰাজ্যৰ মুঠ ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত এইবাৰ ৩৬০ খন আসনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আৰু এই আটাইকেইখন আসনৰে ভোটগণনা হ'ব। ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী।
জিলা পৰিষদৰ এই ৩৬০ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থিত আৰু নিৰ্দলীয় ভাৱে মুঠ ১০৫৫ গৰাকী প্ৰাৰ্থীয়ে।
আঞ্চলিক সদস্য পদৰ বাবে মুঠ আসনৰ সংখ্যা হৈছে ২,১৯২খন। ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হৈছে ১১২৪খন। ইয়াৰে ১৬৫ খন আসনত ইতিমধ্যে জয়ী হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী।
গাঁও পঞ্চায়তৰ মুঠ সদস্যৰ আসন হৈছে- ২১,৯২০খন। উল্লেখ্য এইবাৰ পঞ্চায়ত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। গাওঁ পঞ্চায়তৰ সদস্যৰ ভিতৰৰ পৰাই পঞ্চায়ত সভাপতি আৰু উপ-সভাপতি নিৰ্বাচিত কৰা হ'ব। ইয়াৰে সভাপতি পদৰ বাবে মুঠ আসনৰ সংখ্যা হৈছে ২,১৯২খন। উপ সভাপতি পদ হৈছে ২,১৯২খন।