Advertisment

অসমৰ ট্ৰেডিং কেলেংকাৰীৰ আন এটা মহা খলনায়কক গ্ৰেপ্তাৰ

অসমত সংঘটিত হোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীৰে জড়িত আন এজন মহা প্ৰৱঞ্চকক চি বি আইয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে শিলিগুৰিৰ পৰা চি বি আইৰ এটা দলে গোপাল পাল নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰিছে। 

author-image
Asomiya Pratidin
New Update
২২০০ কোটি হজম কৰা আন এটা প্ৰৱঞ্চক CBI ৰ জালত

ডিজিটেল ডেস্কঃ অসমত সংঘটিত হোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীৰে জড়িত আন এজন মহা প্ৰৱঞ্চকক চি বি আইয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে শিলিগুৰিৰ পৰা চি বি আইৰ এটা দলে গোপাল পাল নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰিছে। 

Advertisment

গোপাল পালৰ বিৰুদ্ধে এ জে আৰ এছ মাৰ্কেটিংৰ নামত ২২০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আছে। উল্লেখ্য অসমত সংঘটিত হোৱা ট্ৰেডিং কেলেংকাৰীৰ সন্দৰ্ভত ৰুজু হোৱা মুঠ ৪১ টা গোচৰ অসম আৰক্ষীৰ পৰা চি বি আইলৈ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে।

গোপাল পালক ইয়াৰে এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি চি বি আইৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰিছে। ইতিমধ্যে চি বি আই-এ এই গোচৰৰ সৈতে সম্পৰ্কিত প্ৰায়সমূহ অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছিল যদিও গোপাল পাল পলাতক হৈ আছিল।

অসম চৰকাৰৰ অনুৰোধ মৰ্মে অক্টোবৰৰ অন্তিম সপ্তাহত অসম আৰক্ষীৰ পৰা এই গোচৰৰ তদন্ত আনুষ্ঠানিকভাৱে চি বি আই-এ গ্ৰহণ কৰিছিল। দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা চি বি আইয়ে এই পৰ্যন্ত এই ট্ৰেডিং কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰতাৰে আগুৱাই নিছে।

ইতিমধ্যে ৰাজ্যৰ ৯২ টা স্থানত তদন্তকাৰী দলে অভিযান চলাইছে। এই অভিযানৰ সময়ত ২৪ টা মোবাইল, ১৮ টা ডেস্কটপ, সাতটা হাৰ্ড ড্ৰাইভ আৰু ১১ টা লেপটপ জব্দ কৰিছে বুলিও চি বি আইৰ ফালৰ পৰা উল্লেখ কৰিছে।

তাৰোপৰি চি বি আইয়ে এই প্ৰৱঞ্চকসকলৰ হাতত কোন কোন লোকে ধন জমা দিছিল সেইসকলৰো তালিকা প্ৰস্তুত কৰি উলিয়াইছে। চি বি আই-এ গ্ৰেপ্তাৰ কৰা গোপাল পাল এ জে আৰ এছ মাৰ্কেটিং নামৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত।

তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল পাল। 

চি বি আইৰ দলটোৱে শিলিগুৰিৰ পৰা পালক গ্ৰেপ্তাৰ কৰাৰ সময়ত বহুবোৰ আপত্তিজনক নথি-পত্ৰও জব্দ কৰিবলৈ সক্ষম হৈছে। অসমৰ এই ট্ৰেডিং কেলেংকাৰীয়ে ইতমধ্যে সমগ্ৰ দেশ জোকাৰি গৈছে।

গুৱাহাটীত কাৰ্যালয় স্থাপন কৰি কেলেংকাৰী সংঘটিত কৰা কেইবাজনৰো প্ৰতিষ্ঠানত বহিঃৰাজ্যৰ বিনিয়োগকাৰীয়ে ধন বিনিয়োগৰো তথ্য পোহৰলৈ আহিছে। আগষ্টৰ অন্তিম সপ্তাহত দীপাকংৰ বৰ্মনৰ ডি বি ষ্টক ব্ৰকিঙৰ কেলেংকাৰী প্ৰথমে পোহৰলৈ আহিছিল।

বৰ্মনে বিনিয়োহগকাৰীসকলক সময়মতে ধন ঘূৰাই দিবলৈ নোৱাৰাৰ পাছতে গুৱাহাটী এৰি পলায়ন কৰে। তাৰ পাছতেই বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰাকে ধৰি বহু এনে প্ৰৱঞ্চকৰ কাহিনী পোহৰলৈ আহে। বৰ্তমানলৈকে চি বি আইয়ে ট্ৰেডিং কেলেংকাৰীত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

অনলাইন ট্ৰেডিং কাণ্ড চি বি আই