/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/4wjfwwce/46061028010524637296680558672671917286804010n.jpg)
ডিজিটেল ডেস্ক : দেওবাৰে চাহনগৰী ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব অসম অলিম্পিক সংস্থাৰ হাইপ্ৰ’ফাইল নিৰ্বাচন। সুদীৰ্ঘ ৩১ বছৰৰ মূৰত অনুষ্ঠিত হ’ব এই হাইপ্ৰ’ফাইল নিৰ্বাচন। এই নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে জিলা ক্ৰীড়া সন্থাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/g8y6hkt7/4608751291052463776334717623608713632105256n.jpg)
ডিব্ৰুগড় জালান নগৰ আউটড’ৰ ষ্টিডিয়ামত অনুষ্ঠিত হ’ব ৰাজ্যৰ বৃহৎ ক্ৰীড়া সংগঠন অসম অলিম্পিক সংস্থাৰ নিৰ্বাচন। আজিৰ এই নিৰ্বাচনত ১০ উপ সভাপতি পদৰ বাবে ২৭জন, এটা সাধাৰণ সম্পাদক পদৰ বাবে ৫জন, এটা কোষাধ্যক্ষ পদৰ বাবে ৪জন, ৬টা যুটীয়া সম্পাদক পদৰ বাবে ১৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
একেদৰে ১৬ টা কাৰ্যকৰী সদস্যৰ বাবে ২৪জন প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে। অৱশ্যে আজি দুটা জ্যেষ্ঠ উপ- সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/yv7719de/46057712810524635030014118857934677569275686n.jpg)
এই নিৰ্বাচনত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে চাহনগৰীত উপস্থিত হৈছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকাৰ লগতে আন আন মন্ত্ৰী- বিধায়ক তথা নেতা-পালিনেতাসহ প্ৰায় ২০০ প্ৰতিনিধি। হোটেল – ৰিজ’ৰ্টত বাহৰ পাতিছে এইসকল নেতা- পালিনেতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/kfmzirif/46090104411720497142820433214672396981434461n.jpg)
ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শাসকীয় দলৰ বিধায়কক এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সেই অনুসৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কোষাধ্যক্ষ পদৰ প্ৰাৰ্থী মানৱ ডেকা, উপ-সভাপতি পদৰ প্ৰাৰ্থী দিগন্ত কলিতা আৰু তৰংগ গগৈয়ে উঠাই লৈছে নাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/tujqabgz/46053731410524636263347325782952828117976005n.jpg)
উল্লেখযোগ্য যে বিনা প্ৰতিদ্বন্দ্বতাৰে অসম অলিম্পিক সংস্থাৰ সভাপতি নিৰ্বাচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় জাহাজ, বন্দৰ আদি দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুদিন পূৰ্বেই চহৰখনত উপস্থিত হৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বুজ লৈছে।
Also Read: লংকাৰ নখুটী জানজুৰ পৰা শিশু নিৰুদ্দেশ