৩ গৰাকী ব্যতিক্ৰমী মহিলাক “সদিচ্ছা বঁটা, ২০২২” প্ৰদান

৩ গৰাকী ব্যতিক্ৰমী মহিলাক “সদিচ্ছা বঁটা, ২০২২” প্ৰদান

author-image
asomiyapratidin
New Update
৩ গৰাকী ব্যতিক্ৰমী মহিলাক  “সদিচ্ছা বঁটা, ২০২২” প্ৰদান

ডিজিটেল ডেস্ক: স্বেচ্ছাসেৱী সংগঠন "সদিচ্ছা"ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত জীৱনৰ বিভিন্ন প্ৰতিকুলতাক নেওচি নিজ নিজ ক্ষেত্ৰত উজ্বলি উঠি সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা তিনিগৰাকী নাৰীক "সদিচ্ছা বঁটা ২০২২" প্ৰদান কৰা হয় ।

Advertisment

"জলী বৰুৱা সোঁৱৰণি সদিচ্ছা ক্ৰীড়া বঁটা ২০২২" ক্ৰীড়াবিদ শ্ৰীমতী মৌপিয়া ভৌমিকক ক্ৰীড়াৰ ক্ষেত্ৰত ফুটবল ৰেফাৰীৰ দৰে প্ৰদৰ্শন কৰা ব্যতিক্ৰমী ভূমিকাৰ বাবে প্ৰদান কৰা হয় । "আৰাধনা বৰুৱা সোঁৱৰণী সদিচ্ছা সমাজসেৱা বঁটা ২০২২" সমাজকৰ্মী শ্ৰীমতী সুচিস্মিতা মজুমদাৰক শাৰীৰিক অনগ্ৰসৰ ব্যক্তিসকলৰ বাবে স্বেচ্ছাসেৱী সংগঠন "স্বাবলম্বী"ৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয়। আনহাতে ' বগী ড্ৰাইভাৰ' নামেৰে খ্যাত শ্ৰীমতী পূজা বড়োক নিজৰ লগতে আন মহিলাকো স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত চলাই অহা নিৰৱছিন্ন প্ৰচেষ্টাৰ বাবে 'সদিচ্ছা উদ্যোগী বঁটা, ২০২২' প্ৰদান কৰা হয় ।

সদিচ্ছাৰ উপদেষ্টা ৰীতা বৰুৱা, ডা:গৰিমা শইকীয়া, মঞ্জুলা ভট্ৰাচাৰ্য, আৰজু দত্ত, ডা: কল্পনা চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত "সদিচ্ছা"ৰ সভাপতি মনালিছা বৰুৱাই আদৰণি ভাষণ দিয়ে। ইয়াৰ পিছত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা "সদিচ্ছা"ৰ মুখ্য উপদেষ্টা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে সদিচ্ছা সংগঠনৰ পটভূমি ব্যাখ্যা কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত লোৱা কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে। উল্লেখ্য যে অসুস্থতাৰ বাবে মৌপিয়া ভৌমিক আৰু সুচিস্মিতা মজুমদাৰে এই অনুষ্ঠানত অংশ লব নোৱাৰিলে। বঁটা গ্ৰহণ কৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত অনান্য ভূমিকা গ্ৰহণ কৰা পূজা বড়োৱে যোৱা ১৬ বছৰে ট্ৰাক চলাই পৰিয়াল পোহপাল দিয়া অভিজ্ঞতাৰ কথা সদৰী কৰে ।

অসুস্থতাৰ হেতু উপস্থিত থাকিব নোৱাৰা সুচিস্মিতা মজুদাৰৰ হৈ আৰজু দত্তই বঁটা গ্ৰহণ কৰে । আনহাতে মৌপ্রিয়া ভৌমিকৰ অনুপস্থিতিত জ্যেষ্ঠ সাংবাদিক পুলিন সাহাই এই বঁটা গ্ৰহণ কৰে।
ভাষণ প্ৰসংগত মুখ্য অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই মহিলা সবলীকৰণৰ ক্ষেত্ৰত 'সদিচ্ছা'ৰ প্ৰয়াসৰ শলাগ লয়। অনুষ্ঠানত শৰ্মাই এটা গীতো পৰিবেশন কৰে ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আন্তৰাষ্ট্ৰীয় সন্তৰণবিদ এলভিছ আলি হাজৰিকা , শিক্ষাবিদ তথা RIPT গ্ৰুপৰ ৰ পৰিচালন সঞ্চালক পাৰুল বৰুৱা আৰু গোপাল জালান।

"সদিচ্ছা"ৰ সম্পাদক ময়ূৰী দত্তই আঁতধৰা অনুষ্ঠানটোত মনমী নাথে শলাগৰ শৰাই আগবঢ়ায় । সদিচ্ছাৰ কাৰ্যবাহী সদস্য মৰমী শৰ্মা, ইন্দ্ৰানী বৰা শইকীয়া, মেঘালী মজুমদাৰ, ডিম্পী শৰ্মা, বনশ্ৰী বৰুৱা, অজয় গগৈ, চাহিল খানৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে ।

assam guwahati award