/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/assam-natya.png)
ডিজিটেল সংবাদ , নগাঁও : অসম নাট্য সন্মিলনৰ ৬০ সংখ্যক নগাঁও অধিবেশন উপলক্ষে সোমবাৰৰ পৰা নগাঁও নেহৰুবালিত এখনি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী আৰম্ভ হৈছে । সন্ধিয়া ৫-৩০ বজাত অনুষ্ঠিত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচনী সভাত উন্মোচক হিচাবে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই কয় যে নগাঁও জিলাৰ পৰাই গুৰুজনাই নাট্য আন্দোলনৰ সুচনা কৰিছিল ৷
সেই পথেৰেই অসম নাট্য সন্মিলনে সাম্প্ৰতিক সময়ত এক গতি দি আহিছে । গ্ৰন্থ মেলা উপ সমিতিৰ সম্পাদক প্ৰান্তিক গোস্বামী আৰু নগাঁও জিলা নাট্য সন্মিলনৰ সাধাৰণ সম্পাদক তথা আদৰণি সমিতিৰ সাধাৰণ সম্পাদক সন্তৰাম দাসে যুটীয়াভাৱে আঁত ধৰা উন্মোচনী সভাখনত লগতে পৰাণ বৰুৱাই কয় যে গ্ৰন্থ মেলাৰ দৰে অনুষ্ঠানে নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লগতে ভবিষ্যত প্ৰজন্মলৈও আলোকৰ বাৰ্তা কঢ়িয়াই আনে ।
উন্মোচনী সভাখনত অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি তথা অসম নাট্য সন্মিলনৰ ৬০ সংখ্যক নগাঁও অধিবেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰ মোহন বৰুৱা, আদৰণি সমিতিৰ উপ সভাপতি জয়ন্ত বৰা,বিশিষ্ট নাট্যকাৰ দীপক বৰা,নবজ্যোতি মৰল ,প্ৰশান্ত শৰ্মা কে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us