/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-17-at-2.44.38-PM.jpeg)
ডিজিটেল সংবাদ,নগাঁও : বিশিষ্ট চিকিৎসক , সাহিত্যিক , নাট্যকাৰ ডা° দিলীপ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে নগাঁও জিলা কবি সন্মিলনে ৷
কবি সন্মিলনৰ উপদেষ্টা হিচাপে কাৰ্যনিবাহ কৰি সন্মিলনক গতিশীল কৰাৰ ক্ষেত্ৰত অবদান আগবঢ়োৱা ডা° বৰুৱাৰ বাসভৱনত বৃহস্পতি বাৰে সন্মিলনৰ প্ৰতিনিধি উপস্থিত হৈ পৰিয়াল তথা ডা° বৰুৱাৰ পত্নীক সমবেদনা জ্ঞাপন কৰে আৰু এক শোক প্ৰস্তাবৰ প্ৰতিলিপি অৰ্পন কৰে ৷
এই অনুষ্ঠানত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,সম্পাদক ৰাজু সমীৰণ,সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী,প্ৰাক্তন সম্পাদক পৱন শৰ্মা ,উপ সভাপতি অশোকৰাম ভট্ৰাচাৰ্য,নগেন খাউণ্ড আৰু ত্ৰৈলোক্য কুমাৰ নাথ উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us