/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d1f99079-4a2a-4b7c-9076-f7e251c3d850/padma.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তথা শোণিপুৰ জিলাৰ জামুগুৰিহাট নিবাসী পাৰ্থ প্ৰতীম বৰাৰ এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জামুগুৰিহাটত ৷ পাৰ্থপ্ৰতীম বৰাৰ প্ৰয়াত পিতৃ প্ৰসন্ন বৰাই দৰং জিলাৰ ছাত্ৰ সন্থাৰ একাদিক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা আছিল বুলি সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলাইছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/849cf3e7-931f-4c9f-984f-14c4d1714713/a3ffdf3e_dbc4_4fe6_9cd8_38a9c8c9590c.jpg)
এন এছ ইউ আাইৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ অসম গণ পৰিষদ দলৰ মুখপাত্ৰ পাৰ্থ প্ৰতীম বৰাৰ এই ফেচবুক পোষ্টক লৈ জাঙুৰ খাই উঠিছে অসম আন্দোলনৰ সতীৰ্থ মঞ্চ ৷ বুধবাৰে বিয়লি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত এক সংবাদমেল আয়োজন কৰি মঞ্চৰ সভাপতি পূৰ্ণ হাজৰিকাই কেতবোৰ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/cebe4799-71aa-4fff-9531-dfa7334be221/b33c500c_cf28_41f8_8e89_a2cfc1cd53b6.jpg)
হাজৰিকাই কয়- 'প্ৰসন্ন বৰাই অসমৰ বিদেশী বহিস্কাৰ আন্দোলনটোকেই বিৰোধীতা কৰিছিল ৷ সেই সময়ত আন্দোলনকাৰীক পুলিচ লগাই ধৰি চিৰদিনৰ কাৰণে ঘূণীয়া কৰিছিল ৷ জামুগুৰিহাটৰ চিৰ নমস্য বয়োবৃদ্ধ এগৰকী শিক্ষাগুৰুৰ শৰীৰত মল ত্যাগ কৰিছিল সেইজন প্ৰসন্ন বৰাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/646c403b-8441-4c5a-97d4-ac367c7cadb2/6c5bbb32_4eb6_4dc0_b80c_fd51f5de43da.jpg)
তেনে এজন ব্যক্তিক এতিয়া কেনেকৈ ছাত্ৰ সন্থাৰে জড়িত বুলি চলাইছে প্ৰচাৰ ৷ কেতিয়াও দৰং জিলা ছাত্ৰ সন্থাৰ দ্বায়িত্বত প্ৰসন্ন বৰাই কাৰ্যনিৰ্বাহ কৰা নাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হোৱা নাই ৷ এটা সম্পূৰ্ণ গোকাট মিছা কথাৰে ছাত্ৰ সন্থাৰ ইতিহাস বিকৃত কৰিব বিচৰা কাৰ্যক অসম আন্দোলন সতীৰ্থ মঞ্চই কেতিয়াও সহ্য নকৰে' বুলি সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f649be79-92e4-4596-8a46-84691735603a/acb142df_96e9_44a6_b98b_3718c665dd85.jpg)
সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ জন্মলগ্নৰে সদস্য নাৰায়ন শইকীয়া আৰু সতীৰ্থ মঞ্চৰ সম্পাদক শৈলেন বৰকটকীয়ে কয়- 'প্ৰসন্ন বৰাৰ কলংকিত ইতিহাস জামুগুৰি ৰাইজে আজিও পাহৰা নাই ৷ ছাত্ৰ সন্থাৰ দৰে মঞ্চক বদনামী কৰাৰ সাহস প্ৰাৰ্থ প্ৰতীম বৰাই ক'ত পালে ৷ কলংকিত অধ্যায়ৰ সুচনা কৰি থৈ যোৱা প্ৰয়াত পিতৃক প্ৰতিষ্ঠা কৰিবলৈ গৈ আছুৰ দৰে পবিত্ৰ মঞ্চক পাৰ্থপ্ৰতীম বৰাই বদনামী কৰাৰ যি চেষ্টা চলাইছে সেইয়া কেতিয়াও সফল নহয় ৷'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/db7a6d9c-ecc7-4d8c-8d32-0a56f9962b1c/f1e1d6a5_61f8_4393_b4f9_f9d05d8359e4.jpg)
লগতে কয়- জামুগুৰিহাটৰ ইতিহাসৰ পাতে পাতে প্ৰসন্ন বৰাৰ কলংকিত কাহিনী জিলিকি আছে ৷ একালৰ ছাত্ৰ নেতা তথা বৰ্তমানৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়-'মই অসম আন্দোলনৰ লগত এক দিঘলীয়া সময় জড়িত ৷ বিভিন্ন পদত মই কাৰ্যনিৰ্বাহ কৰি আহিছো ৷ কিন্তু প্ৰসন্ন বৰাই কেতিয়াও দৰং জিলা ছাত্ৰ সন্থাৰ সম্পাদক,সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা পদত কাৰ্যনিব্বাহ কৰা নাই ৷'
লগতে বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, জামুগুৰিহাটত প্ৰসন্ন বৰাৰ কলংকিত অধ্যায় আছে ৷ কোনো কালে কোনোদিনাই প্ৰসন্ন বৰাৰ কলংক জামুগুৰি ৰাইজে মনৰ পৰা মচিব নোৱাৰে ৷
যি জন ব্যক্তিৰ নাম শুনিলে জামুগুৰিয়া ৰাইজে মুখ কোচাই সেইজন ব্যক্তি কেনেকৈ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰিব ৷ বিধায়কগৰাকীয়ে ছাত্ৰ সন্থাৰ ইতিহাস বিকৃত কৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে তেওঁ ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ৷
Also Read: বিশ্বকাপ-২০২৩ : ভাৰত-পাকিস্তানৰ মেচসহ একাধিক মেচৰ সময়সূচী সলনি