অসম-মিজোৰাম সীমান্তৰ বিবাদক লৈ বৈঠক, ৯ আগষ্টত মীমাংসাৰ সম্ভাৱনা…

অসম-মিজোৰাম সীমান্তৰ বিবাদক লৈ বৈঠক, ৯ আগষ্টত মীমাংসাৰ সম্ভাৱনা…

author-image
asomiyapratidin
New Update
অসম-মিজোৰাম সীমান্তৰ বিবাদক লৈ বৈঠক, ৯ আগষ্টত মীমাংসাৰ সম্ভাৱনা…

ডিজিটেল ডেস্ক : অসম সীমা সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত মিজোৰাম ভ্ৰমণ কৰিব পাঁচজনীয়া এটি দলে । দীৰ্ঘদিন ধৰি চলি অহা অসম-মিজোৰাম সীমান্তৰ বিবাদসন্দৰ্ভত হ'ব লগীয়া এই বৈঠক অনুষ্ঠিত হ'ব ৯ আগষ্টত য'ত দুয়োখন ৰাজ্যৰে চৰকাৰী প্ৰতিনিধিসকলে ভাগ ল'ব । অসমে চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে প্ৰায় ১৬৪.৬ কিলোমিটাৰ বিস্তৃত সীমা ভগাই লয় যাৰ বাবে বিগত বৰ্ষকেইটাত কেইবাটাও বিবাদ সংঘটিত হৈছে ।

Advertisment

মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত যাব লগীয়া এই দলটোৰ সৈতে থাকিব অসমৰগৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক  সিংহাল আৰু অসম সীমা সুৰক্ষা তথা উন্নয়ন বিভাগৰ উপায়ুক্ত আৰু সচিব জিডি ত্ৰিপাঠী আনহাতে মিজোৰামৰ দলটোৰ নেতৃত্বত থাকিব ৰাজ্যখনৰ  গৃহমন্ত্ৰী লালচামলিনা । 

২০২১ চনৰ আগষ্ট মাহতেই অসম-মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভত এলানি দীঘলীয়া আলোচনা হৈছিল মিজোৰামৰ ৰাজধানী আইজল চহৰত ।

উল্লেখ্য যে, দুয়ো ৰাজ্যৰ চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে মোতায়েন কৰিবলৈ লোৱা নিৰপেক্ষ সুৰক্ষাকৰ্মীৰ সিদ্ধান্তত মান্তি হৈছে বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক : গাখীৰ বুলি শিশু খাদ্যত মিলালে ফ্ল'ৰ ফেনাইল, অংগনবাড়ী কেন্দ্ৰত অঘটন…

assam mizoram