Advertisment

ডুবাই, লণ্ডনত এডভাণ্টেজ আছামৰ ২.০ ৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত মন্ত্ৰী বিমল বৰাৰ

মন্ত্ৰী বিমল বড়াও এডভাণ্টেজ আছামৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত বিদেশ ভ্ৰমণলৈ গৈ কেইবাখনো দেশ ভ্ৰমণ কৰিছে। প্ৰথমে ডুবাইত উপস্থিত হোৱা বৰাই এডভাণ্টেজ আছাম ২.০ ৰ এক ৰোডশ্ব’ত অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
ডুবাই, লণ্ডনত এডভাণ্টেজ আছামৰ ২.০ ৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত মন্ত্ৰী বিমল বৰাৰ

ডিজিটেল ডেস্কঃ অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ ৰ বাবে পূৰ্ণ গতিত প্ৰস্ততি চলাইছে ৰাজ্য চৰকাৰে। আজি ইয়াৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত বিদেশ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

Advertisment

ইতিমধ্যে তেওঁৰ সতীৰ্থ মন্ত্ৰী বিমল বৰাও এডভাণ্টেজ আছামৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত বিদেশ ভ্ৰমণলৈ গৈ কেইবাখনো দেশ ভ্ৰমণ কৰিছে। প্ৰথমে ডুবাইত উপস্থিত হোৱা বৰাই এডভাণ্টেজ আছাম ২.০ ৰ এক ৰোডশ্ব’ত অংশগ্ৰহণ কৰে। তাৰোপৰি বিনিয়োগকাৰীৰ সৈতে আলোচনাতো লিপ্ত হয়।

তাৰ পাছতে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বৰা বৃহস্পতিবাৰে লণ্ডনত উপস্থিত হয়গৈ। লণ্ডনত তেওঁ ইণ্ডো পেছিফিকৰ ব্ৰিটিছ মন্ত্ৰী কেথেৰিন ৱেষ্টক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি আলোচনাত লিপ্ত হয়।

বৰাই মন্ত্ৰীগৰাকীক বিকশিত অসমৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপৰ কথা ব্যাখ্যা কৰে। এই পদক্ষেপৰ জৰিয়তে বিশ্বব্যাপী অংশীদাৰিত্বৰ বিকাশ, উদ্ভাৱন আৰু অৰ্থনৈতিক শক্তি ক্ষেত্ৰৰ দিশসমূহ ব্যাখ্যা কৰে।

মন্ত্ৰী বিমল বৰাই ভাৰত আৰু ইংলেণ্ডৰ মাজত অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ পথ অন্বেষণৰ ক্ষেত্ৰত অংশীদাৰী ঐতিহ্যৰ কথাও উল্লেখ কৰে। তেওঁ বাণিজ্য আৰু বিনিয়োগৰ গন্তব্য স্থান হিচাপে অসমৰ সম্ভাৱনাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

ইয়াৰ পিছত শুকুৰবাৰে তেওঁ লণ্ডনৰ তাজ হোটেলৰ ছেইণ্ট জেমছ কোৰ্টত এক বিনিয়োগকাৰী সভাতো অংশগ্ৰহণ কৰে। ব্ৰিটেইনৰ ৫৪ বাকিংহাম গেটৰ পৰাই তেওঁ ব্ৰিটিছ বিনিয়োগকাৰীসকলক ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভাণ্টেজ আছাম ২.০ লৈ আমন্ত্ৰণ জনায়। তাৰ পূৰ্বে বৰাই লণ্ডনৰ সংসদ স্কোৱেৰ গাৰ্ডেনত থকা গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰে। 

 

মন্ত্ৰী বিমল বৰা এডভাণ্টেজ আছাম ২.০