Advertisment

গ্ৰেপ্তাৰ ৩ সন্দেহযুক্ত আলফা কেডাৰ! পৰিকল্পনা আছিল বিৰাট ডাঙৰ...

ৰাজ্যত শান্তি অটুট ৰাখিবলৈ নিষিদ্ধ ঘোষিত সংগঠনসমূহৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰি ৰাজ্য চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে পুনৰ সক্ৰিয় হৈ উঠিছে একাংশ সন্দেহযুক্ত নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰ।

author-image
Asomiya Pratidin
New Update
গ্ৰেপ্তাৰ ৩ সন্দেহযুক্ত আলফা কেডাৰ! পৰিকল্পনা আছিল বিৰাট ডাঙৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যত শান্তি অটুট ৰাখিবলৈ নিষিদ্ধ ঘোষিত সংগঠনসমূহৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰি ৰাজ্য চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে পুনৰ সক্ৰিয় হৈ উঠিছে একাংশ সন্দেহযুক্ত নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰ। দুলীয়াজানত আৰক্ষীয়ে এক অভিযান চলাই ৩ জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছেল এক চাঞ্চল্যকৰ তথ্য। 

Advertisment

দুলীয়াজানত আৰক্ষীয়ে এক অভিযান চলাই প্ৰথমে গ্ৰেপ্তাৰ কৰে অস্ত্ৰসহ বিতোপন গগৈ ওৰফে জয়ন্ত নামৰ এজন যুৱকক। বিতোপনৰ স্বীকাৰোক্তিৰ পাছতে আন দুজন যুৱক ক্ৰমে ডিৰিয়াল গাঁৱৰ বলিন গগৈ ওৰফে ধন আৰু টেঙাখাতৰ ভৰত সাজাৰিক গ্ৰেপ্তাৰ কৰে।

তাৰ পাছতে পোহৰলৈ আহে এই তিনিও যুৱকে আলফা চি কোম্পানী খোলাৰ বাবে তৎপৰতা চলাইছিল। ইয়াৰ বাবে তেওঁলোকে ডিমাপুৰলৈ গৈ অস্ত্ৰ চালনাৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইয়াৰে বিতোপন গগৈ বহু কেইটা ধনদাবীৰ গোচৰৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযানৰ সময়ত এটা ৭.৬৫ এম এম পিষ্টল, সক্ৰিয় গুলী, এটা আই ই ডি, ১১ টা মোবাইল, নগদ ৪৯,৫০০ টকাৰ লগতে আন কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে।

ধৃত বিতোপন দুলীয়াজানৰ চি আই এছ এছৰ মুখ্য শিবিৰৰ সমীপৰ এটা বসগৃহত ভাড়াতীয়া হিচাপে আছিল। উদ্ধাৰ কৰা আই ই ডি ১ নং ৰিজাৰ্ভ বৰবাম গাঁৱত অভিযান চলাই জব্দ কৰা হৈছে।

দুলীয়াজান আলফা অসম আৰক্ষী