বকোৰ উমথলী গাঁৱত অসমবিদ্বেষী চক্ৰই লগালে বিশেষ চাইনবোৰ্ড…

বকোৰ উমথলী গাঁৱত অসমবিদ্বেষী চক্ৰই লগালে বিশেষ চাইনবোৰ্ড…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, বকো:কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত অসম আৰু মেঘালয় ৰাজ্যৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত ঐতিহাসিক চুক্তি হোৱাৰ পিচতো কামৰূপ জিলাৰ বকোত অসম আৰু মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাক কেন্দ্ৰ কৰি পুনৰ সংঘাত হোৱাৰ আশংকা প্ৰকাশ কৰিছে গাৰো সংগঠন এটাই।

Advertisment

ঘটনাৰ বিৱৰণ মতে ছয়গাঁও বিধান সভাসমষ্টিৰ আৰু বকো থানাৰ অন্তৰ্গত উমথলী নামৰ গাঁৱখনত বৃহস্পতিবাৰে অসম বিদ্বেষী চক্ৰ এটাই গাঁওখন মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰৰ বুলি দাবী কৰি চাইনবৰ্ড লাইছে । জানিবপৰা মতে অসম-মেঘালয়ৰ সীমাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ ভিতৰত থকা অসমৰ উল্লেখিত গাঁওখনত এনেদৰে অসমবিদ্বেষী চক্ৰ এটাই চাইনবৰ্ড লগোৱত গাঁৱখনৰ উপৰিও আশে-পাশে থকা শান্তিপ্ৰিয় ৰাইজে পৰিস্থিতি অৱনতি হোৱাৰ আশংকিত শংকিত হৈ পৰিছে ।

গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এনিন্দ্ৰ মাৰাকে দাবী কৰা মতে উমথলী গাঁৱখন অসমৰ ভৌগোলিক সীমাৰ ভিতৰৰ।অসমবিদ্বেষী চক্ৰ এটাই গাঁৱখনকে ধৰি গাঁৱখনৰ আশে-পাশে থকা ৩০খনৰো অধিক গাঁৱৰ ৰাইজক ভয়-ভাবুকি দি মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল কৰিবলৈ দীৰ্ঘদিন ধৰি ষড়যন্ত্ৰ চলাই আহিছে ।

গাঁও কেইখনৰ ৰাইজে এই সন্দৰ্ভত বহুবাৰ উকিয়ামত থকা সীমান্ত সুৰক্ষা চকীত জনাই আহিছে যদিও সীমান্ত সুৰক্ষা চকীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান নকৰাত আজি-কালি ৰাইজে এই বিষয়ে জনাবলৈ বাদ দিছে । সভাপতিগৰাকীয়ে আৰু দাবী কৰা মতে গাঁৱকেইখন ইতিপূৰ্বৰে পৰা অসমত বসবাস কৰাৰ উপৰিও সকলোধৰণৰ সা-সুবিধা অসম চৰকাৰৰ পৰা লাভ কৰি আহিছে ।

গতিকে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে ।গতিকে অসমবিদ্বেষী চক্ৰটোৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰি চক্ৰটোৱে লগাই দিয়া চাইনবৰ্ডবোৰ আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে । লগতে অসমবিদ্বেষী চক্ৰটোৱে যাতে অসমৰ ভৌগোলিক সীমাৰ ভিতৰৰ মেঘালয় ৰাজ্যৰহৈ কোনোধৰণৰ অগণতান্ত্ৰিক কাম-কাজ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈও সভাপতিগৰাকীয়ে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছে । অন্যথা সীমান্তত অসম-মেঘালয় ৰাজ্যৰ সীমাক কেন্দ্ৰ কৰি সংঘাত হোৱাৰ আশংকাত শংকিত হৈ পৰিছে সভাপতিগৰাকীয়ে ।

assam BOKO meghalaya