ঘোষণা হ’ল পৰীক্ষা বিহীন মেট্ৰিকৰ ফলাফলঃ ৯৩.১০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অভিলেখ

ঘোষণা হ’ল পৰীক্ষা বিহীন মেট্ৰিকৰ ফলাফলঃ ৯৩.১০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অভিলেখ

author-image
asomiyapratidin
New Update
ঘোষণা হ’ল পৰীক্ষা বিহীন মেট্ৰিকৰ ফলাফলঃ ৯৩.১০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অভিলেখ

আজি ঘোষণা হ'ল বহু প্ৰত্যাক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ ফলাফল। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ ৪,২৬৫৫৩ গৰকী শিক্ষাৰ্থীৰ আৰু হাই মাদ্ৰাছাৰ ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ফলাফল বিকল্প পদ্ধতিৰে প্ৰদান কৰিব ছেবাই।

Advertisment

ছেবাৰ তথ্য অনুসৰি ৪২৬৫৫৩ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৯৭৫৬৫ গৰাকী ছাত্ৰ আৰু ২২৮৯৮৮ গৰাকী ছাত্ৰী।এইবাৰ ঘোষণা কৰা ফলাফল অনুসৰি ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ। আনহাতে সামগ্ৰীকভাৱে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ। ২০২০ চনত এই উত্তীৰ্ণৰ হাৰ আছিল ৬৪.৮০ শতাংশ।

ঘোষিত ফলাফ ল অনুসৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৮৮৫২১ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম, ১৬০২৯৮ গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় আৰু ১৪৮৩১৩ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় স্থান লাভ কৰিছে।