অসম লেখিকা সংস্থাৰ পশ্চিম গুৱাহাটী শাখাৰ শিশু উপন্যাস প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

অসম লেখিকা সংস্থাৰ পশ্চিম গুৱাহাটী শাখাৰ শিশু উপন্যাস প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

author-image
asomiyapratidin
New Update
অসম লেখিকা সংস্থাৰ পশ্চিম গুৱাহাটী শাখাৰ শিশু উপন্যাস প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম লেখিকা সংস্থাৰ পশ্চিম গুৱাহাটী শাখাই একাদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি কিছুদিনৰ পূৰ্বে আয়োজন কৰা অসম ভিত্তিত শিশু উপন্যাস প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। সংস্থাৰ এই প্ৰতিযোগিতাখনলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা সহাঁৰি জনাই ভালে সংখ্যক উপন্যাস প্ৰেৰণ কৰা হৈছিল। তাৰ মাজৰ পৰাই শ্ৰেষ্ঠ ৩ খন উপন্যাস বাছি উলিয়াইছে আয়োজক মণ্ডলীয়ে।

Advertisment

বাচি উলিওৱা শ্ৰেষ্ঠ ৩ খন উপন্যাস হৈছে ক্ৰমেঃ

  • প্ৰথম- ৰত্না দেৱীৰ 'সপোনৰ দেশত তাই আৰু বহুতো'।
  • দ্বিতীয়- অঞ্জনা দত্তৰ 'জোনৰ দলিচা গচকি'।
  • তৃতীয়- নৱনীতা ভট্টাচাৰ্যৰ 'ৰিণি-জিনি আৰু মৌকুঁৱৰী'।

আয়োজক মণ্ডলীয়ে বাচি উলিওৱা এই ৩ খন শ্ৰেষ্ঠ উপন্যাসক অহা ৩ জুলাইত সাহিত্যচাৰ্য লক্ষীৰাম বৰুৱা সদনত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া শাখাৰ দ্বি-বাৰ্ষিক অধিৱেশনত পুৰষ্কাৰসমূহ প্ৰদান কৰা হব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।