বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন…

বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন…

author-image
asomiyapratidin
New Update
বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন…

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ১৭ আগষ্ট, বুধবাৰে আহ্বান জনাইছে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন। বুধবাৰে বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব এই বিশেষ এদিনীয়া অধিৱেশন। অধ্যক্ষ দৈমাৰীয়ে জনোৱা অনুসৰি এই অধিৱেশনৰ বাবে ৪ ঘণ্টীয়া কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে। সন্ধিয়া ৭ বজাত অন্ত পৰিব অধিৱেশনৰ কাৰ্যসূচী।

Advertisment

দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে। এবছৰ ধৰি উদযাপন হোৱা আজাদি কা অমৃত মহোৎসৱ তথা তিনিদিনীয়াকৈ অনুষ্ঠিত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসসূচী সন্দৰ্ভতে অধিৱেশনত আলোচনা কৰা হ'ব।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰা অনুসৰি অধিৱেশনত বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰিব। ইয়াৰো পৰি দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও এই অধিৱেশনত স্থান লাভ কৰিব।

অসম বিধানসভাৰ পুৰণি সদনত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলিও প্ৰকাশ পাইছে।

assam legislative assembly assam govt biswajit daimari bjp assam guwahati himanta biswa sarma congress