বাৰাণসীৰ ৰাষ্ট্ৰীয় কৰ্মশালালৈ ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক চৈয়দ ৰবিউল হকক আমন্ত্ৰণ

বাৰাণসীৰ ৰাষ্ট্ৰীয় কৰ্মশালালৈ ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক চৈয়দ ৰবিউল হকক আমন্ত্ৰণ

author-image
asomiyapratidin
New Update
বাৰাণসীৰ ৰাষ্ট্ৰীয় কৰ্মশালালৈ ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক চৈয়দ ৰবিউল হকক আমন্ত্ৰণ

ডিজিটেল সংবাদ, গোৱালপাৰা: 'অসমীয়া প্ৰতিদিন' কাকতৰ কৃষ্ণাইৰ স্থানীয় সাংবাদিক চৈয়দ ৰবিউল হকে সমলব্যক্তি হিচাপে আমন্ত্ৰণ লাভ কৰিছে উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত হ'বলগীয়া 'ৰাষ্ট্ৰীয় একতা,শান্তি আৰু ন্যায়' শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালালৈ।

চলিত বৰ্ষৰ মে' মাহৰ ২৭ ৰ পৰা ২৯ তাৰিখলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কৰ্মশালাখনত সাংবাদিক হকে 'সংবাদ মাধ্যমে দায়িত্বশীলভাৱে ভূমিকা পালন কৰিছে নে?' শীৰ্ষক গবেষণা পত্ৰ পাঠ কৰিব।সাংবাদিক হকে তেওঁৰ গবেষণা পত্ৰখন ২৯ মে'ত পাঠ কৰিব।

উৰ্দু ভাষাত প্ৰস্তুত কৰা গবেষণা পত্ৰখনত ভাৰতবৰ্ষ বিশেষকৈ অসমৰ সংবাদ মাধ্যমে পালন কৰি অহা দায়িত্ব আৰু ভূমিকা সন্দৰ্ভত বিতংকৈ তথ্যসহকাৰে দাঙি ধৰাৰ প্ৰয়াস কৰিব বুলি সাংবাদিক হকে জানিবলৈ দিয়ে।'চেণ্টাৰ ফৰ হাৰম'নী এণ্ড পীচ' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কৰ্মশালাত দেশৰ অতি গুৰুত্বপূৰ্ণ ১৯ টা বিষয়ৰ ওপৰত গবেষণা পত্ৰ পাঠ হ'ব।

বাৰাণসীৰ অঞ্জলি,মাতৃধাম আশ্ৰমত অনুষ্ঠিত হ'বলগীয়া এই ৰাষ্ট্ৰীয় কৰ্মশালাত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বুদ্ধিজীৱী, ছাত্ৰ-ছাত্ৰী, অধিবক্তা, অধ্যাপক-প্ৰবক্তা, সাংবাদিক, বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি, সমাজসেৱক, ৰাজনৈতিক দলৰ নেতাকে ধৰি প্ৰায় ৮০ গৰাকীয়ে আমন্ত্ৰিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব।কৰ্মশালাত সমলব্যক্তি সকলে আয়োজক মণ্ডলীয়ে নিৰ্দিষ্ট কৰি দিয়া বিষয়ৰ ওপৰত প্ৰস্তুত কৰা নিজা নিজা গবেষণা পত্ৰ পাঠ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে সাংবাদিক হকে ইতিমধ্যে কলকাতা, দিল্লী.হাইদৰাবাদ, মুম্বাই, কেৰেলা, জম্মু-কাশ্মিৰ, পাটনা, পঞ্জাৱ আদিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা-আলোচনা চক্ৰত প্ৰায় কুৰিখন বিভিন্ন বিষয়ৰ ওপৰত গবেষণা পত্ৰ পাঠ কৰিছে।এই গবেষণা পত্ৰসমূহ একাংশ ৰাষ্ট্ৰীয় কাকত আৰু আলোচনীত প্ৰকাশ পাইছে।

আৰু পঢ়ক: বটদ্রৱাত সামূহিক বিবাহ অনুষ্ঠান…

goalpara assam