ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ

ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত আধাৰশিলা স্থাপন কৰা দিবাং বহুমুখী নদীবান্ধ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে ৷ দলটোৰ মতে, নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পই সোৱণশিৰি নৈ শুকুৱাই তৰাং কৰি পেলোৱাৰ ভয়াৱহ দৃশ্য কেইসপ্তাহমান পূৰ্বে সমগ্ৰ বিশ্বই দেখিছে৷ নামনি সোৱনশিৰি প্ৰকল্পক লৈ ৰাইজৰ মনত থকা প্ৰশ্ন আৰু উদ্বিগ্নতা নিৰসন নকৰি ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম চমুকৈ এন এইচ পি চিয়ে অসমৰ উজনিত অৰুণাচল প্ৰদেশৰ দিবং নদীত নামনি সোৱণশিৰিতকৈয়ো ডাঙৰ আন এটা জলবিদ্যুত প্ৰকল্প স্থাপনৰ উদ্যোগ লোৱাটো উদ্বেগজনক ৷

উল্লেখযোগ্য যে অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ উজনিত, অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলি জিলাত এন এইচ পি চিয়ে ২৮৮০ মেগাৱাট ক্ষমতাসম্পন্ন দিবাং বহুমুখী জলবিদ্যুত প্ৰকল্প স্থাপনৰ কাম হাতত লৈছে ৷ ২০৩২ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া এই জলবিদ্যুৎ প্ৰকল্পটোত ২৭৮ মিটাৰ উচ্চতা সম্পন্ন বান্ধ নিৰ্মাণ কৰা হ'ব - যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধতকৈ ১৪৮ মিটাৰ ওখ ৷ প্ৰকল্পটোৰ নিৰ্মাণত ব্যয় হ'ব ৩১,৮৭৬.৩৯ কোটি টকা ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই সন্দৰ্ভত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে প্ৰস্তাৱিত নদীবান্ধ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰি ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে আজি সমগ্ৰ উজনি অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিক প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিলে৷

জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে অসমৰ দৰে ভূমিকম্প প্ৰৱন এলেকা বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে অনুকুল নহয় - এয়া সৰ্বজনবিদিত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২২ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰে পাচিঘাটত এখন ৰাজহুৱা সভাত বৃহৎ নদীবান্ধৰ মুকলি বিৰোধিতা কৰি বৃহৎ নদীবান্ধৰ সলনি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পক উৎসাহিত কৰিব লাগে বুলি মত প্ৰকাশ কৰিছিল ৷ কিন্তু নিজৰ পূৰ্বৰ স্থিতিৰ বিপৰীতে গৈ আজি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিক প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰ শিলা স্থাপন কৰাটো দুৰ্ভাগ্যজনক ৷

গগৈ আৰু ভূঞাই কয় যে ১৯৫০ চনৰ বৰ ভূঁইকপে অবিভক্ত ডিব্ৰুগড় জিলাকে ধৰি সমগ্ৰ উজনি অসমত ব্যাপক দুৰ্যোগৰ সৃষ্টি কৰিছিল ৷ ভূমিকম্পই সেইবাৰ ব্ৰহ্মপুত্ৰৰ গতিপথ সলাই দিয়াৰ লগতে শদিয়া মহকুমাক ধ্বংসস্তুপত পৰিণত কৰিছিল ৷ শদীয়া মহকুমাৰ ভৌগোলিক মানচিত্ৰ সলনি কৰি দিয়া সেই বৰ ভূঁইকপৰ অভিকেন্দ্ৰৰ আশে-পাশে নিৰ্মিয়মান এই জলবিদ্যুৎ প্ৰকল্পটোৰ পৰাও অনুৰূপ দুৰ্যোগ সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ এতিয়া যদি কিবা কাৰণত দিবাং জলবিদ্যুৎ প্ৰকল্পত অঘটন ঘটিবলগীয়া হয়, তেনেহ'লে শদিয়াকে ধৰি উজনি অসমৰ কেইবাখনো জিলা ব্যাপক ক্ষয়-ক্ষতিৰ মুখত পৰিব৷ গতিকে উক্ত জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰ বিবেচনা কৰি নিৰ্মাণ কাৰ্য্য তৎকালেই বন্ধ কৰিবলৈ জাতীয় পৰিষদৰ নেতাদ্বয়ে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়৷

ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ
প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ ৯৩ সংখ্যক ওপজা দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in