/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/jatiya-bidyalaya-4.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় জাতীয় বিদ্যালয়ৰ ৰেক্টৰ ৰঞ্জিত নাৰায়ণ ডেকাৰ সঞ্চালনাত সদৌ অসম জাতীয় বিদ্যালয়ৰ সমাৰোহৰ মুকলি সভা৷ ইয়াত মুখ্য অতিথি ৰূপে অংশ লয় অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কমলমল্ল বুজৰবৰুৱা, কটন বিশ্ববিদ্যলায়ৰ উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী, অইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক প্ৰমোদ কুমাৰ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইকে ধৰি বিশিষ্ট অতিথিসকলে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/jatiya-new-1.jpg)
সভাখনত প্ৰতিগৰাকী বক্তাই ৰূপালী জয়ন্তী গৰকা অসম জাতীয় বিদ্যালয়ে শৈক্ষিক দিশত এক বিপ্লৱৰ সূচনা কৰা বুলি কৈ আহি থকা সময়ৰ সৈতে খাপ খাব পৰাকৈ নতুন নতুন পাঠ্যক্ৰমৰ অন্তৰ্ভূক্তিৰে একে বিশ্বাসযোগ্যতা আৰু সফলতাৰে এই বিপ্লৱৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে৷ আনহাতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম জাতীয় বিদ্যালয়ৰ বিজয় যাত্ৰাক অসম আন্দোলনৰ এক ইতিবাচক ফলশ্ৰুতি বুলি অভিহিত কৰাৰ উপৰি জাতীয় বিদ্যালয়ৰ বিজয় যাত্ৰাক সামগ্ৰিকভাৱে অসমীয়া জাতিৰ, অসমীয়া স্বাভিমানৰ বিজয় যাত্ৰা বুলিও অভিহিত কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/jatiya-bidyalaya-2.jpg)
চৰকাৰে ইয়াক উৎসাহিত কৰাৰ পৰিৱৰ্তে ধাৰাটোৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা বুলি তেওঁ কঠোৰ সমালোচনা কৰাৰ লগতে অসমৰ শৈক্ষিক ক্ষেত্ৰৰ পৰিৱৰ্তন সাধন কৰিবলৈ হ'লে চৰকাৰে জাতীয় বিদ্যালয়ৰ আৰ্হি অনুসৰণ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে৷ লগতে তেওঁ ছেবা আৰু উচ্চ-উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আমুল সংস্কাৰ সাধন হ'লেহে অসমৰ শৈক্ষিক ক্ষেত্ৰৰ পৰিৱৰ্তন হ'ব বুলি অভিমত ব্যক্ত কৰি চৰকাৰক এয়া কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰে৷ সফলতাৰ মেটমৰা ভাণ্ডাৰ লৈ ৰূপালী জয়ন্তী উদযাপন কৰা অসম জাতীয় বিদ্যালয় আহি থকা দিনত অসম জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব লাগিব বুলি মন্তব্য কৰা ভট্টাচাৰ্যই ইয়াৰ বাবে বাস্তৱ সন্মত কাৰ্যসূচী হাতত ল'বলৈ জাতীয় বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/27499a56-a455-42fd-beb3-7714ae41df99.jpg)
বুধবাৰৰ এই অনুষ্ঠানতে শ্বিলঙত ৰাজধানী থাকোতেই সচিবালয়ৰ চাকৰি এৰি পশ্চিম কাৰ্বি আংলঙত অসমীয়া মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় আৰু শেহতীয়াকৈ ৱঠালাংছু জাতীয় বিদ্যালয় স্থাপন কৰি পাৰ্বত্য ভূমিৰ শিক্ষা ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা ৮৬ বছৰীয়া অনন্ত বৰাক সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে, আজিৰ এই সমাৰোহত ২৪ খন জিলাৰ ৩৫ টা সাংস্কৃতিক দল আৰু তিনি শতাধিক জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশ লয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/jatiya.jpg)
পুৱাৰ পতাকা উত্তোলনৰ পাছতে দুপৰীয়া ১২ বজা পৰ্যন্ত অনুষ্ঠিত হয় সাংস্কৃতিক সমাৰোহ৷ অইল ইণ্ডিয়াৰ চেক্টৰ-২ৰ খেলপথাৰত অনুষ্ঠিত এই সমাৰোহত কাৰ্বি, বড়ো, মিচিং, ৰাভা, ঝুমুৰ, বিহু, কোচ ৰাজবংশী আদি জনগোষ্ঠীয় নৃত্যৰ লগতে থিয় নাম, গায়ন বায়ন, সত্ৰীয়া নৃত্য আদি মনমোহা পৰিৱেশনেৰে অনুষ্ঠানটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰে৷
উল্লেখ্য যে, পুৱাৰ এই অনুষ্ঠানতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই অসম জাতীয় বিদ্যালয়ৰ বৰ্ণিল সমাৰোহে তেওঁক অসমৰ ভৱিষ্যত সন্দৰ্ভত আশাবাদী কৰি তোলাৰ লগতে এনে অনুষ্ঠানক ভাগ ল'বলৈ পাই তেওঁ গৌৰৱ বোধ কৰা বুলি মন্তব্য কৰে৷ আহি থকা সময়ত অসম জাতীয় বিদ্যালয়ে অসমৰ শিক্ষা ক্ষেত্ৰৰ নেতৃত্ব ল'বলৈ সক্ষম হ'ব বুলিও তেওঁ কয়৷