৬০০ ৰ ভিতৰত ৫৯৯ নম্বৰ লাভ ঢকুৱাখনাৰ লুইছ ৰঞ্জনৰ…

৬০০ ৰ ভিতৰত ৫৯৯ নম্বৰ লাভ ঢকুৱাখনাৰ লুইছ ৰঞ্জনৰ…

author-image
asomiyapratidin
New Update
৬০০ ৰ ভিতৰত ৫৯৯ নম্বৰ লাভ ঢকুৱাখনাৰ লুইছ ৰঞ্জনৰ…

ডিজিটেল ডেস্কঃ শুক্ৰবাৰে ঘোষণা কৰ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পূৰ্বৰ দৰে নাই শিক্ষাৰ্থী, অভিভাৱকৰ লগতে ৰাজ্যৰ জৃনসাধাৰণৰ মাজত উৎসুকতা। পূৰ্বে ফলাফল ঘোষণাৰ এই দিনটোত ৰাজ্যত সৃষ্টি হয় এক আনন্দমুখৰ পৰিবেশ। কিন্তু কোৰোনাৰ সংক্ৰমণৰ বাবেই এইবাৰ নাই তেনে পৰিবেশ। কোৰোনাই সলনি কৰিলে এই পৰীক্ষাৰ ফলাফল ঘোষণাৰ পদ্ধতিও।

Advertisment

পৰীক্ষা অবিহনে পোন প্ৰথমবাৰৰ বাবে ছেবাই বিকল্প মাধ্যমেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। এই পদ্ধতিৰ বাবেই এইবাৰ নাই শীৰ্ষ দহটা স্থান।প্ৰথম, দ্বিতীয়. তৃতীয় স্থানৰ লগতে কেৱল ডিষ্টিংছন, ষ্টাৰ নম্বৰৰ ব্যৱস্থাহে আছে এই পদ্ধতিত। হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভৰ সপোন থাকে বহু ছাত্ৰ-ছাত্ৰীৰ। এইবাৰ কোভিডৰ বাবে সেই সপোন পূৰণ নহ'ল।

বিকল্প পদ্ধতিৰে কৰা মূল্যায়নত উজলি উঠিল বহু ছাত্ৰ-ছাত্ৰী। ঢকুৱাখনাৰ কুকুৰাযুঁজাৰ লুইছ ৰঞ্জণ কোঁৱৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৬০০ নম্বৰৰ ভিৰতৰ ৫৯৯ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। দ্বীপ ৰঞ্জণ কোঁৱৰ আৰু অঞ্জলি গগৈ কোঁৱৰৰ পুত্ৰ লুইছ ৰঞ্জণ কোঁৱৰে অসমীয়াত ৯৯ নম্বৰ পোৱাৰ বিপৰীতে বাকী সকলো বিষয়তে ১০০ ৰ ভিতৰত ১০০ নম্বৰেই লাভ কৰিছে।

অতি মেধাৱী এই ছাত্ৰ গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা হ'লে অসমৰ ভিতৰতে স্থান লাভ কৰিব বুলি অঞ্চলবাসীয়ে আশা কৰি আছিল।