মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী ফলাফলৰ আৰ্হিক লৈ অসন্তুষ্ট আছুঃ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাব লাগিব…

মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী ফলাফলৰ আৰ্হিক লৈ অসন্তুষ্ট আছুঃ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাব লাগিব…

author-image
asomiyapratidin
New Update
মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী ফলাফলৰ আৰ্হিক লৈ অসন্তুষ্ট আছুঃ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাব লাগিব…

  • শ্বহীদ ন্যাসত সদৌ অসম ছাত্র সন্থাৰ সংবাদমেল।
  • সংবাদমেল সম্বোধন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।
  • হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত এই সংবাদমেল।
  • শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে বৃহস্পতিবাৰে প্ৰকাশ কৰা মূল্যায়নৰ পদ্ধতিক লৈ অসন্তুষ্ট আছু।
  • ছাত্ৰ-ছাত্ৰীক ফলাফল প্ৰদানৰ প্রতিবেদনৰ ৫নং দফা বাতিলৰ দাবী জনাইছে আছুয়ে।
  • এই বিষয়ত শিক্ষামন্ত্রী আৰু মুখ্যমন্ত্রীক পত্ৰ প্রেৰণ কৰিব আছুৱে।
  • শিক্ষাবিভাগৰ সিদ্ধান্তত মানসিকবাৱে ভাঙি পৰিছে শিক্ষাৰ্থীসকল।
Advertisment

ক্লিক কৰি পঢ়কঃ ইতিহাস হ'ব নেকি নামৰূপ সাৰকাৰখানা! বন্ধ হৈ পৰিছে উৎপাদন…

  • এইবাৰৰ পৰীক্ষাত স্থান প্ৰদান কৰিব নালাগে কিন্তু ষ্টাৰ আৰু ডিষ্ট্রিংচন নম্বৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব লাগিব।
  • শিক্ষাৰ্থীক প্ৰদান কৰা মাৰ্কশ্বিটেৰে শিক্ষাৰ্থীয়ে চাকৰি পাব লাগিব।
  • দুখন মাৰ্কশ্বিট কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ আছুৰ।
  • এটা পৰীক্ষাৰ মাৰ্কশ্বিট এখনেই হ'ব লাগিব বুলিও উল্লেখ আছুৰ।
  • শিক্ষাৰ্থীয়ে পৰীক্ষা দিব পৰা ব্যৱস্থা থাকিব লাগিব।
  • শিক্ষা বিভাগে গ্ৰহণ কৰা নাভুত-নাশ্রুত পদ্ধতিয়ে শিক্ষাৰ্থীসকলক দোমোজাত পেলাইছে।
  • ছাত্র-ছাত্রীসকলক দোমোজাত পেলোৱাৰ পৰিৱৰ্তে তেওলোকক ন্যায় প্রদান কৰক।
  • চৰকাৰ, ছেবা আৰু উচ্চতৰ মাধ্যমিক সংসদৰ দায়িত্ব ছাত্র-ছাত্রীক ন্যায় প্রদান কৰা।
  • প্ৰয়োজনত ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ বেছি পাওক কিন্তু ন্যায় পাব লাগিব।
  • ফলাফল প্ৰদানৰ প্ৰতিবেদনৰ ৫ নং দফাটো চৰকাৰে পুনৰ বিবেচনা কৰিব লাগিব বুলিও উল্লেখ আছুৰ।
  • ছাত্র-ছাত্রীৰ ভৱিষ্যতক লৈ হেতালি নেখেলিব, এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ।
  • আজিৰ এই পৰিস্থিতিৰ বাবে দায়ী কেৱল চৰকাৰ বুলিও সংবাদ মেলত উল্লেখ কৰিছে ড০ ভট্টাচাৰ্যই।