পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনেৰে উজলিল অসমৰ হৰ্ষিতা গগৈ…

পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনেৰে উজলিল অসমৰ হৰ্ষিতা গগৈ…

author-image
asomiyapratidin
New Update
পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনেৰে উজলিল অসমৰ হৰ্ষিতা গগৈ…

ডিজিটেল ডেস্ক : পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনেৰে আমেৰিকাত উজলিল পৰিৱেশ বিজ্ঞানী অসমৰ ড০ হৰ্ষিতা গগৈ। প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে তেওঁ খ্যাতি অৰ্জন কৰিছে। এই প্ৰযুক্তি জৈৱ ব্যৱস্থাপনাৰ জৰিয়তে কৰা হৈছএ। ইয়াৰ দ্বাৰা বৰ্জিত পানীও শোধন কৰিব পৰা যাব।

উল্লেখ্য যে এনে প্ৰযুক্তিৰ জৰিয়তে বৰ্জিত পানীত মিহলি হৈ থকা অতি বিষাক্ত তথা ছালফেটৰ লগতে খনিসমূহৰ পৰা নিৰ্গত বৰ্জিত পানীও পৰিশোধন কৰিব পৰা যাব। ড০ গগৈৰ এই আৱিষ্কাৰে পানী পৰিশোধনৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তন আনিব বুলিও আশা কৰা হৈছে।

ড০ হৰ্ষিতা গগৈৰ ঘৰ গুৱাহাটীত। গুৱাহাটীত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত ফিনলেণ্ডৰ ওলু বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ অভিযান্ত্ৰিক পাঠ্যক্ৰমত স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইছ ডি ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পাছত তেওঁক ফিনলেণ্ডৰ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান হেলছিংকি আঞ্চলিক পৰিবেশ সেৱাৰ বাবে বাছনি কৰে।

assam finfland