নাৰায়ণপুৰত সখী এক্সপ্ৰেছৰ অধীনত ৪৭ গৰাকী মহিলাক স্কুটি বিতৰণ…

নাৰায়ণপুৰত সখী এক্সপ্ৰেছৰ অধীনত ৪৭ গৰাকী মহিলাক স্কুটি বিতৰণ…

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰত সখী এক্সপ্ৰেছৰ অধীনত ৪৭ গৰাকী মহিলাক স্কুটি বিতৰণ…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ড আৰু বিহপুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৭ গৰাকী মহিলাৰ মাজত অসম ৰাজ্যিক জীৱিকা মিচনৰ অধীনত সখী এক্সপ্ৰেছ আচঁনিৰ যোগেদি স্কুটি বিতৰণ কৰা হয়। এই উপলক্ষে নাৰায়ণপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাগৃহত এখন বিশেষ সভা অনুষ্ঠিত হয়।

Advertisment

উক্ত সভাখনতে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড.অমিয় কুমাৰ ভূঞাই সমষ্টিত বেংক মিত্ৰ,বীমা মিত্ৰ,জীৱিকা সখী আৰু পশু সখী হিচাপে কৰ্মৰত ৪৭ গৰাকী মহিলাৰ মাজত স্কুটি বিতৰণ কৰে।নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ বি পি এম জিতুল চুতীয়াই আঁতধৰা সভাখনত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শৈলেন চেতিয়া,নাৰায়ণপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মনিমা বৰা,ধলপুৰ-শিমলুগুৰি জিলা পৰিষদৰ সদস্য দিপালী বনিয়া,পিছলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা জোনমনি ভূঞা,জ্যেষ্ঠ বিজেপি নেতা দিলীপ শইকীয়াকে ধৰি বহু কেইগৰাকী গণ্য-মান্য লোক উপস্থিত থাকে।

অন্যহাতে সভাত ভাষণ প্ৰদান কৰি বিধায়ক ড. অমিয় কুমাৰ ভূঞাই সখী এক্সপ্ৰেছৰ অধীনত স্কুটি লাভ কৰা প্ৰতি গৰাকী মহিলা অভিনন্দন জ্ঞাপন কৰাৰ লগতে সততাৰে নিজ নিজ বিভাগৰ কাম কাজ সমুহ কৰি ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

আৰু পঢ়কঃ ধূপধৰাৰ আঠিয়াবাৰীৰ দেওশিলা নৈত কিশোৰৰ মৃতদেহ উদ্ধাৰ…

assamgovt lakhimpur hbs