চৰকাৰৰ মহিমা! চাকৰি পালে ঠিকেই, মাত্ৰ ৮ হাজাৰ টকাহে লাভ কৰিব ১,৫৩৯ গৰাকীয়ে...

নিযুক্তি পোৱা একাংশৰ মজুৰি পুতৌলগা।

author-image
Asomiya Pratidin
New Update
৫০ কোটি লোকচানত বিক্ৰী হ'ব কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ

ডিজিটেল ডেস্ক: ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদানৰ লক্ষ্যৰে আগবঢ়া বিজেপি চৰকাৰে ইতিমধ্যে যাৱতীয় প্ৰক্ৰিয়া চলাই আছে। ইয়াৰ মাজতে ২৩ ছেপ্টেম্বৰত চৰকাৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত ১১ সহস্ৰাধিক নিবনুৱাৰ হাতত তুলি দিয়ে চাকৰিৰ নিযুক্ত পত্ৰ।

উক্ত দিনত নিযুক্তি দিয়া একাংশই মোটা অংকৰ দৰমহা পোৱাৰ বিপৰীতে একাংশ কৰ্মচাৰীৰ দৰমহা পুতৌ লগা। একাংশ কৰ্মচাৰীয়ে দৰমহাও নহয়, নিৰ্ধাৰিত মজুৰি(ফিক্স পে) হে লাভ কৰিব।স্বীকৃতিপ্ৰাপ্ত উচ্চ প্ৰাথমিক বিদ্যালয়ত নতুনকৈ পদ প্ৰাদেশীকৰণ কৰি নিযুক্তি দিয়া ১,৫৩৯ জনকৈ চতুৰ্থ বৰ্গৰ পদৰ চকীদাৰে লাভ কৰিব মাহিলী ৮ হাজাৰ টকা।

এই বিষয়টোৱেই এই কৰ্মচাৰী সকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি কৰিছে। সন্তুষ্ট নহয় কৰ্মচাৰী সকল।নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিপৰীতে ৮ হাজাৰ টকা দৰমহা লাভ কৰিৱ মূৰে কপালে হাত দিছে একাংশই।

এই বৰ্গৰ কৰ্মচাৰী সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কিয়নো নিযুক্তি পত্ৰত সঠিককৈ একো উল্লেখ নাই। কিন্তু চাকৰিত দুৰ্নীতি হোৱা বুলি অভিযোগ দিওঁতেই গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ পাছত এই সকল কৰ্মচাৰীয়ে ক্ষোভ, বেদনা প্ৰকাশ কৰিবলৈ সাহস কৰিব পৰা নাই।

assam himanta biswa sarma assam govt