/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/f1706843-867e-42a3-85c4-a9717b0142a5.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ নীতিৰ বাবেই খালী হৈ ৰ'ব বহু পদ। বিভাগে প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ ৭,৫০০ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে ২,১৩৭ টা। যাৰ বাবে খালী হৈ থাকিব হেজাৰ হেজাৰ শিক্ষকৰ পদ।
চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকনমি চমুকৈ চি এম আই প্ৰকাশ কৰা তথ্য অনুসৰি অসমত ৮.৬ শতাংশ বৃদ্ধি পাইছে নিবনুৱা।যাৰ মাজতে যি প্ৰক্ৰিয়াৰে শিক্ষা বিভাগে নিযুক্তি প্ৰক্ৰিয়া কৰিব বিচাৰিছে তাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ যুৱক-যুৱতীয়ে।
শিক্ষা বিভাগে কিছুদিন পূৰ্বে ৭,৫০০ টা পদ প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ বাবে আৰু ২৫৫ টা পদৰ বিজ্ঞাপন ২৫৫ টা পদৰ বাবে প্ৰকাশ কৰিছিল।ইয়াৰ আবেদন কৰাৰী মুঠ সংখ্যা ২,১৩৭ জন। কিন্তু এজন প্ৰাৰ্থীয়ে কেইবাটাও পদত আবেদন দাখিল কৰাৰ বাবে ইয়াৰ সংখ্যা আৰু হ্ৰাস হোৱাৰ সম্ভাৱণা আছে। কিয়নো এজনে মাত্ৰ এটা পদতহে নিযুক্তি লাভ কৰিব। যাৰ বাবে খালী হৈ ৰব বাকী পদ সমূহ।
চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি আবেদনকাৰী টেটত উত্তীৰ্ণ হোৱাৰ লগতে বিএড ডিগ্ৰী থাকিব লাগিব। কিন্তু চৰকাৰে ।যোৱা ৩ বছৰ ধৰি অনুষ্ঠিত কৰ নাই টেট। ইতিমধ্যে পূৰ্বৰ সকলে নিযুক্তি পাইছেই। বাকী ৰোৱা সকলৰ সংখ্যা একেবাৰেই কম। আনহাতে চৰকাৰে টেট নপতা বাবে বিএড ডিগ্ৰী থকা সকলেও কৰিব পৰা নাই চাকৰিৰ বাবে আবেদন। যাৰ বাবে খালী হৈ থাকিব শিক্ষা বিভাগত ৫০০০ত কৈ অধিক পদ।
Also Read: দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মা-নেইফিউ ৰিঅৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us