আজি ঘোষণা কৰা হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল...

আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই বহু পৰীক্ষাৰ্থীয়ে ৰাজ্য চৰকাৰৰ পোনপটীয়া নিযুক্তিৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল লাভ কৰে

author-image
Asomiya Pratidin
New Update
আজি ঘোষণা কৰা হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল...

4th grade exam

ডিজিটেল ডেস্ক : আজি ঘোষণা কৰা হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। যোৱা ২১ আগষ্টত অনুষ্ঠিত হোৱা ৰাজ্যচৰকাৰৰ চতুৰ্থ বিভাগৰ পৰীক্ষাৰ ফলাফল ছেবাৰ ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

কিন্তু আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই বহু পৰীক্ষাৰ্থীয়ে ৰাজ্য চৰকাৰৰ পোনপটীয়া নিযুক্তিৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল লাভ কৰে। ১৮ অক্টোবৰৰ পৰিৱৰ্তে ১৭ অক্টোবৰ সোমবাৰে সন্ধিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু পৰীক্ষাৰ্থীয়ে sebaonline.org নামৰ ৱেবছাইটৰ জৰিয়তে লাভ কৰে ফলাফল।

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ফলাফল ঘোষণা কৰাৰ কথা উল্লেখ কৰাৰ পাছতেই ৱেবছাইটত ফলাফল প্ৰকাশ পায়। এই ফলাফলৰ পিছতে স্বাভাৱিকতে প্ৰাৰ্থীসকলৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠাৰ লগতে বিভ্ৰান্তি।

আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই ৱেবছাইটত ওলোৱা ফলাফল ঘোষণা হোৱা ৱেবছাইটটো ১০/১৫ মিনিটৰ ভিতৰতে বন্ধ হৈ পৰে। আনহাতে সোমবাৰে ফলাফল ঘোষণাৰ কথা অস্বীকাৰ কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ জৈনে।

assam assam govt exam