২৯ ছেপ্টেম্বৰতে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা...

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক আৰু টুইটাৰযোগে ঘোষণা কৰে এই কথা

author-image
Asomiya Pratidin
New Update
২৯ ছেপ্টেম্বৰতে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা...

ডিজিটেল ডেস্ক : সমাগত দুৰ্গোৎসৱ। অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব শাৰদীয় দুৰ্গা পূজা। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক আৰু টুইটাৰযোগে ঘোষণা কৰে যে এইবাৰ অহা ২৯ ছেপ্টেম্বৰতে চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব দৰমহা।

উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে চ'ছিয়েল মিডিয়াত পোষ্ট কৰি কয় যে - "সমাগত দুৰ্গা পূজাৰ সময়ত চৰকাৰী বন্ধৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আগতীয়াকৈ দৰমহা দিয়াৰ সিদ্ধান্ত লৈছোঁ। সেইমৰ্মে ৰাজ্যৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলক অহা ২৯ ছেপ্টেম্বৰৰ পৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰা হ'ব।"

assam assam govt himanta biswa sama