/asomiyapratidin/media/media_files/2024/12/11/w0Oc7al48lKnKMzeKv1i.png)
ডিজিটেল ডেস্কঃ এখনৰ পিছত এখনকৈ হিতাধিকাৰী আঁচনিৰে চমক দিয়া অসম চৰকাৰে ৰাজ্যত অভিলেখ সংখ্যক হিতাধিকাৰী সৃষ্টি সাফল্যৰে ৰাজহুৱাকৈ অহংকাৰ কৰি আহিছে। প্ৰতিবাৰেই হিতাধিকাৰী আঁচনি ঘোষণাৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই কিমান হিতাধিকাৰী সৃষ্টি কৰিলে তাৰ সংখ্যাগত তথ্যও প্ৰকাশ কৰি গৌৰৱবোধ কৰাৰ উদাহৰণ বহু আছে।
ৰাজ্য চৰকাৰৰ দ্বাৰা সৃষ্ট এই হিতাধিকাৰীৰ নামতে আকৌ চৰকাৰে প্ৰতিবছৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিবলগীয়া হৈছে। ফলত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ৰাজকোষত। হিতাধিকাৰী আঁচনি ৰূপায়ণৰ বাবেই ঋণৰ ওপৰত ঋণ লৈ ধাৰুৱা হোৱা অসম চৰকাৰৰ এনে অৱস্থা হৈছেগৈ যে, ঋণৰ সুদ আদায় দিবলৈয়ো ঋণ ল’বলগীয়া হৈছে।
বিজেপি চৰকাৰৰ কৃপাত হিতাধিকাৰীৰ ৰাজ্যলৈ পৰিণত হোৱা অসমে আজিৰ তাৰিখত ডেৰ লাখ কোটিৰো অধিক ঋণৰ ভৰ কঢ়িয়াবলগীয়া হৈছে। এই ঋণৰ বাবদ প্ৰতি মাহে অসমে কেৱল সুদেই আদায় দিবলগীয়া হয় ৮,৮১৫ কোটি টকা।
এনে বৃহৎ পৰিমাণৰ ধন প্ৰতি মাহে কেৱল সুদৰ নামতে ব্যয় কৰিবলগীয়া হোৱাৰ ফলত ৰাজ্যৰ ৰাজকোষত কেনে প্ৰভাৱ পৰিছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই। এনেদৰে টেটুলৈকে ঋণত ডুব গৈ থকাৰ পাছতো 'নাও ডুবিলেও টিঙৰ পৰা ননমা'ৰ লেখিয়া মন্তব্য কৰিবলৈ পাহৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে ৰাজ্যৰ মন্ত্ৰীসকলে।
ৰাজ্যত ঋণৰ পৰিমাণ যিদৰে অভিলেখ সংখ্যক ডেৰ লাখ কোটিৰ ঘৰ অতিক্ৰম কৰিলে সেইদৰেই মুঠ ঘৰুৱা উৎপাদন আৰু জনমূৰি আয়ৰ ক্ষেত্ৰতো অসম চৰকাৰে এক প্ৰকাৰে নজিৰ সৃষ্টিয়েই কৰিছে। পূৰ্বৰ দৰেই এইবাৰো ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদন আৰু জনমূৰি আয়ৰ তালিকাত অসমৰ স্থান স্বাভাৱিকভাৱেই তলৰ ফালেই।
শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ বাৰ্ষিক প্ৰতিবেদনত অসম চৰকাৰৰ আৰ্থিক অৱস্থাৰ প্ৰকৃত ছবিখন স্পষ্ট হৈছে। ৰিজাৰ্ভ বেংকৰ 'ভাৰতৰ ৰাজ্যসমূহৰ পৰিসংখ্যাগত হাতপুথি ২০২৩-২৪' শীৰ্ষক প্ৰতিবেদনখনত অসমৰ বিত্তীয় শোচনীয় অৱস্থাৰ ছবিখন প্ৰতিটো পৃষ্ঠাতে স্পষ্টকৈ ওলাই পৰিছে।
প্রতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অন্তত অর্থাৎ চলিত বৰ্ষৰ ৩১ মার্চ পর্যন্ত অসমৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১,৫০,৯০০ কোটি টকা। বিজেপি ক্ষমতালৈ অহাৰ পূৰ্বে ২০১৬ চনত অসম চৰকাৰৰ এই ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা।
২০২১ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত অসমৰ মুঠ ঋণৰ পৰিমাণ হয়গৈ ৮৯,৭০৯ কোটি টকা। অর্থাৎ ২০১৬ চনত সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ নেতৃত্ব লোৱাৰ পাছত তেওঁৰ ৫ বছৰীয়া কাৰ্যকালত মুঠ ঋণ লয় ৪৮,৮০১ কোটি টকা।
২০২১ চনত ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লয় হিমন্ত বিশ্ব শৰ্মাই। ড০ শৰ্মাৰ যোৱা ৩ টা বছৰৰ কাৰ্যকালত অসমৰ মুঠ ঋণৰ পৰিমাণ হৈছেগৈ ১,৫০,৯০০ কোটি টকা।
অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে তিনিবছৰতে ঋণ ল’লে ৬১,১৯১ কোটি টকা। দেখা গৈছে চলিত বৰ্ষৰ প্ৰতিটো মাহতে অসম চৰকাৰে অতিৰিক্তভাৱে গড়ে প্রায় ১,০০০ ৰ পৰা ১,৫০০ কোটি টকাকৈ ঋণ লৈছে।
প্ৰতিবেদনখনত প্রকাশ পোৱা মতে অসম চৰকাৰে আৰ বি আইৰ জৰিয়তে ষ্টক নিলাম কৰি ৰাজ্যিক উন্নয়ন ঋণ শিতানতে সর্বাধিক ৯৭,৮৬৯ কোটি টকা ঋণ লৈছে। তদুপৰি নাবাৰ্ডৰ পৰাও ৮,৯৮৬ কোটি টকা ঋণ লৈছে।
কেন্দ্ৰীয় চৰকাৰৰ পৰা ১২,৪৯৯ কোটি টকা, ভৱিষ্যনিধিৰ পৰা ১৪,৬৯৮ কোটি টকা আৰু অন্যান্য বেংকৰ পৰাও অসম চৰকাৰে এই পৰ্যন্ত ৮,৯৯৭ কোটি টকা ঋণ লৈছে। এই বৃহৎ পৰিমাণৰ ঋণৰ বাবদ মাত্ৰ এবছৰতে অসম চৰকাৰে ৰাজকোষৰ পৰা সুদ পৰিশোধ কৰিবলগীয়া হ'ল ৮,৮১৫ কোটি টকা।
ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে প্ৰতিবছৰে ঋণৰ বিপৰীতে সুদৰ পৰিমাণো বৃদ্ধি হৈছে। যোৱা ৮ বছৰত কেৱল বিজেপি চৰকাৰৰ দিনতে অসমৰ ৰাজকোষৰ পৰা ঋণৰ বিনিময়ত সুদ দিবলগীয়া হৈছে ৪২,০৬১ কোটি টকা।
সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ঋণৰ বিনিময়ত অসম চৰকাৰে সুদ হিচাপে আদায় দিছে ১৯,৬৫১ কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন তিনিবছৰীয়া বিজেপি চৰকাৰে আদায় দিছে ২২,৪১ কোটি টকা।
ঋণ লোৱাৰ পৰিমাণ অসম চৰকাৰ যিদৰে অভিলেখ সংখ্যক হাৰত বৃদ্ধি পাইছে তাৰ সম্পূৰ্ণ বিপৰীত ধৰণে মুঠ ঘৰুৱা উৎপাদন হ্ৰাস পাইছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ তালিকাত অসমৰ স্থান হৈছে ১৬।
এই তালিকাত প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ, দ্বিতীয় স্থানত আছে তামিলনাডু, তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে উত্তৰ প্ৰদেশ আৰু কৰ্ণাটক। মন কৰিবলগীয়া যে, ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তালিকাত ৩৩ খন ৰাজ্যৰ ভিতৰত ২৫ খনৰহে তথ্য প্ৰকাশ পাইছে। এই ২৫ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান তলৰ পৰা ৮ নম্বৰত।
সেইদৰে দেশৰ ৰাজ্যসমূহৰ জনমূৰি আয়ৰ ক্ষেত্ৰতো অসমৰ অৱস্থা তথৈবছ। জনমূৰি আয়ৰ ক্ষেত্ৰতো ৩৩ খন ৰাজ্যৰ ভিতৰত ২৫ খন ৰাজ্যৰহে তালিকা প্ৰকাশ পাইছে।
এই তালিকাত অসমৰ স্থান তলৰ ফালৰ পৰা ৪ নম্বৰত। অৰ্থাৎ ২৫ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২২। জনমূৰি আয়ৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য ছিকিম। দ্বিতীয় স্থানত আছে দিল্লী।