জনসংখ্যাৰ তুলনাত ভাৰতৰ গড় দুৰ্ঘটনাতকৈও অসমত বৃদ্ধি দুৰ্ঘটনাত মৃত্যুৰ হাৰ...

জালুকবাৰীৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য প্ৰশাসনক
জনসংখ্যাৰ তুলনাত ভাৰতৰ গড় দুৰ্ঘটনাতকৈও অসমত বৃদ্ধি দুৰ্ঘটনাত মৃত্যুৰ হাৰ...

ডিজিটেল ডেস্ক : জালুকবাৰীত ২৮ মে'ৰ পুৱতি নিশা সংঘটিত শিহৰণকাৰী দুৰ্ঘটনাক অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন প্ৰতিভাশালী শিক্ষাৰ্থীয়ে প্ৰাণ দিব লগা হোৱা কৰুণ ঘটনাই ৰাজ্যবাসীৰ লগতে ৰাজ্য প্ৰশাসনকো জোকাৰি গৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, ২০১৯ চনৰ পৰা বিশেষকৈ নগৰ অঞ্চলত দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস পাই ক'ভিডকালীন বছৰ দুটাত এনে ঘটনা প্ৰায় শূণ্য শতাংশলৈ হ্ৰাস পাইছিল যদিও ২১-২২ বৰ্ষৰ পৰা এনে ঘটনা দ্ৰুতহাৰত বৃদ্ধি পাবলৈ ধৰে আৰু চলিত বৰ্ষত কেইখনমান জিলা আৰু সদৰত ই অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

যিটো ঘটনাই অসম আৰক্ষী, যান-বাহন নিয়ন্ত্ৰণ শাখা আৰু পৰিবহন বিভাগক গভীৰ দুচিন্তাৰ মাজলৈ ঠেলি দিছে । কিয়নো জনসংখ্যাৰ তুলনামূলক অধ্যয়ন কৰিলে প্ৰতিবছৰে সমগ্ৰ দেশত দুৰ্ঘটনাত মৃত্যুৰ পৰিমাণ যিমান, বিগত এটা বছৰত অসমতেই মৃত্যুৰ হাৰ ইয়াৰ সমান্তৰাল গতিৰে আগবাঢ়িছে ।

উল্লেখ কৰাৰ প্ৰয়োজন যে, ২০২১ বৰ্ষত ১৪০ কোটি মানুহৰ দেশ ভাৰতবৰ্ষত মুঠ দুৰ্ঘটনা সংঘটিত হৈছিল ৪,১২,৪৩২ টা । এই ঘটনাত ১,৫৩,৭৭২ জন লোকে প্ৰাণ দিয়াৰ পৰিৱৰ্তে ৩,৪৪,৪৪৮ জন লোক আহত হৈছিল । দৈনিক ইয়াৰ হাৰ হ'ল ক্ৰমে দৈনিক ১১৩০ টা দুৰ্ঘটনা আৰু মৃত্যু ৪২২ জন । অৰ্থাৎ প্ৰতি ঘন্টাত ভাৰতত সংঘটিত ৪৭ টা দুৰ্ঘটনাত ১৮ জন লোকে প্ৰাণ দিয়ে । বিগত বছৰ সমূহৰ তুলনাত ১৬.৯ শতাংশ দুৰ্ঘটনা আৰু ১০.৪ শতাংশ হতাহত হোৱাৰ হাৰ বৃদ্ধি পাইছে ।

এই প্ৰেক্ষাপটতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ১০ মে' তাৰিখতে অসমত এক বিশেষ সংস্থাৰ জৰিয়তে জৰীপ চলাই দুৰ্ঘটনা প্ৰৱণ এলেকা, দুৰ্ঘটনাৰ কাৰণ আৰু ইয়াক নিয়ন্ত্ৰণৰ এক মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছিল যদিও এইয়া কাৰ্যকৰী হ'বলৈ নাপাওতেই যোৱা কেইটামান দিনতে জালুকবাৰীৰ ঘটনাকে কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ সংখ্যক লোকে প্ৰাণ দিব লগীয়া হৈছে ।

বিষয়টো অতি গুৰুত্বসহকাৰে কেন্দ্ৰীয় চৰকাৰেও গ্ৰহণ কৰিছে আৰু অতি শীঘ্ৰে ইয়াক প্ৰতিৰোধৰ কাৰ্যকৰী পদক্ষেপ ক্ষিপ্ৰতাৰে গ্ৰহণৰ নিৰ্দেশ দিছে । ইতিমধ্যে 'লীড এজেন্সী ফৰ ৰ'ড চেফটি' নামৰ সংস্থাটোৱে অসমৰ পথ নিৰাপত্তা সম্পৰ্কত যুগুতোৱা প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে, ৰাজ্যৰ সবাতোকৈ দুৰ্ঘটনাপ্ৰৱণ জিলা কেইখনৰ ভিতৰত ১ নম্বৰত আছে নগাঁও জিল‍া । ইয়াৰ পিছত ক্ৰমে দ্বিতীয় কামৰূপ (মহানগৰ), তৃতীয় বৰপেটা, চতুৰ্থ শোণিতপুৰ, পঞ্চম কামৰূপ, ষষ্ঠ ধেমাজি, সপ্তম স্থানত আছে নলবাৰী জিলা ।

প্ৰতিবেদনখন মতে, নগাওঁ জিলাত বিগত ২০২২ বৰ্ষত মুঠ ১৮১টা ধ্বংসাত্মক দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াত মৃত্যু হয় ১৯৫ জনৰ । ইয়াৰ বিপৰীতে যান-বাহনৰ সংঘৰ্ষ ২৬২ টা সংঘটিত হয় আৰু ইয়াত ৩৫৩ জন লোকে গুৰুতৰ ভাৱে আহত হয় ।

সেইদৰেই, কামৰূপ (মহানগৰ) জিলাত ২০২২ বৰ্ষত সংঘটিত হোৱা ১৫৫টা ভয়ংকৰ দুৰ্ঘটনাত ১৬০ জনে প্ৰাণ হেৰুৱাই আৰু ৩৪৮ টা মুখামুখি সংঘৰ্ষৰ ঘটনাত ৩৪৮ জন গুৰুতৰভাৱে আহত হোৱাৰ ওপৰিও ২১ জন সাধাৰণভাৱে আহত হয় ।

এই সময়ছোৱাত, বৰপেটাত সংঘটিত ১২৫ টা গুৰুতৰ দুৰ্ঘটনাত ১৩২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২১ জন লোক গুৰুতৰভাৱে আহত হয় ।

সেইদৰেই, শোণিতপুৰ জিলাত সংঘটিত ১২৪ টা গুৰুতৰ দুৰ্ঘটনাত ১২৯জনে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ১৫ জন আহত হয় ।

কামৰূপ (গ্ৰাম্য) জিলাত সংঘটিত মুঠ ২২২ টা দুৰ্ঘটনাত ১২১ জনে প্ৰাণ হেৰুওৱাৰ ওপৰিও ২৩৬ জন গুৰুতৰভাৱে আহত হয় ।

ধেমাজিৰ দৰে অতি পাতল জনবসতিৰ জিলাখনো দুৰ্ঘটনাৰ ভিতৰত আছে ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থানত । ২০২২ বৰ্ষত ইয়াত ৯৭ টা গুৰুতৰ দুৰ্ঘটনা সংঘটিত হয় য'ত ১০৬ জনে প্ৰাণ দিবলগীয়াত পৰে । তদুপৰি বিভিন্ন দুৰ্ঘটনাত আহত হয় ৮২ জন লোক । ইয়াৰে ৬৩ জনৰ আঘাত গুৰুতৰ ।

নলবাৰী জিলাত সংঘটিত ১০৩ টা গুৰুতৰ দুৰ্ঘটনাত প্ৰাণ দিয়ে ১১১জন লোকে আৰু আহত হ'ব লগীয়া হয় ২৩২ জন লোক ।

ৰাজ্যৰ মুঠ ৩২ খন জিলাৰ ভিতৰৰে ৭ খন মাত্ৰ জিলাত এটা বছৰৰ দুৰ্ঘটনাৰ তথ্যয়েই এই কথা স্পষ্ট কৰি দিছে যে, আমাৰ পথ পৰিবহন আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাটোৰ লগতে যান-বাহন চলোৱা লোকসকল কিদৰে নিয়ন্ত্ৰণহীন হৈ পৰিছে । যাৰ ফলতেই, জালুকবাৰীত ৭ জনকৈ প্ৰতিভাশালী ল'ৰাৰ অকাল মৃত্যুৰ ঘটনাও দুদিন পাছতেই পাহৰি পেলোৱা সাধাৰণ ঘটনা হৈ পৰিছে ।

এনে পৰিপ্ৰেক্ষিততে প্ৰতিখন দুৰ্ঘটনা প্ৰৱণ জিলাৰ প্ৰতিখন থানাৰ দুৰ্ঘটনাৰ স্থান আৰু কাৰণ পৰ্যালোচনাৰে প্ৰস্তুত কৰা হৈছে দুৰ্ঘটনা প্ৰতিৰোধৰ এক নতুন আৰু বাস্তৱ সন্মত ব্যৱস্থা । য'ত সামৰি লোৱা হৈছে ৰাজ্যৰ গড়কাপ্তানী বিভাগ, হাইৱে অথ'ৰেটি অৱ ইণ্ডিয়া, আৰক্ষী আৰু যান-বাহন নিয়ন্ত্ৰণ শাখা আৰু পথ পৰিবহন বিভাগৰ লগতে একাংশ স্বেচ্ছাসেৱী সংগঠনক লৈ 'চেভ লাইভ'ৰ নামত এক স্থায়ী সমাধানমুখী অভিযানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে । অৱশ্যে ৯ তাৰিখে প্ৰস্তুত হৈ উঠা এই প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰী নহ'লে পৰিস্থিতৰ পৰিৱৰ্তন নঘটিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in