গোলাঘাটত খাদ্য ও অসামৰিক যোগান বিভাগৰ চিলিণ্ডাৰ-পেট্ৰ'লজাত সামগ্ৰী জব্দ

অভিযোগ অনুসৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে চলিচে ৰন্ধন গেছ চিলিণ্ডাৰৰ অবৈধ ব্যৱসায়।

author-image
Asomiya Pratidin
New Update
গোলাঘাটত খাদ্য ও অসামৰিক যোগান বিভাগৰ চিলিণ্ডাৰ-পেট্ৰ'লজাত সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ সমীপৰ নাহৰচলাত খাদ্য ও অসামৰিক যোগান বিভাগৰ অভিযানত চিলিণ্ডাৰ তথা পেট্ৰলজাত সামগ্ৰী জব্দ। গোলঘাট জিলাত অবাধ হাৰত বৃদ্ধি পাইছে ৰন্ধন গেছ চিলিণ্ডাৰৰ অবৈধ ব্যৱসায়।

অভিযোগ অনুসৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে চলিচে ৰন্ধন গেছ চিলিণ্ডাৰৰ অবৈধ ব্যৱসায়। জিলাখনৰ গাঁৱসমূহত একাংশ ধনলোভী লোকে অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰাখি ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। অবৈধ ভাৱে চিলিণ্ডাৰ মজুত ৰখাৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ হ'ব পাৰে।

যাৰ বাবে এই অবৈধভাৱে চলি থকা ৰন্ধন গেছ চিলিণ্ডাৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ হৈছে গোলাঘাট জিলা খাদ্য ও অসামৰিক যোগান বিভাগ। আজি নুমলীগড়ৰ নাহৰচলা গাঁৱৰ মঞ্জু গুপ্তা নামৰ মহিলা গৰাকীৰ বাসগৃহৰ চৌহদৰ পৰা গোলাঘাট জিলা খাদ্য ও অসামৰিক যোগান বিভাগে অবৈধ ভাৱে মজুত ৰখা প্ৰায় ২৩ ৰন্ধন গেছ চিলিণ্ডাৰ আৰু প্ৰায় ৪০ লিটাৰ পেট্ৰ'লজাত সামগ্ৰী জব্দ কৰে।

Also Read: হাওৰাঘাটত ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য বিতৰণ বিধায়ক দৰছিং ৰংহাঙৰ

assam government food and civil supplies department