Advertisment

অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...

আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে এই সিদ্ধান্তসমূহৰ বিষয়ে ৰাজহুৱা কৰিছে। 

author-image
Asomiya Pratidin
New Update
৬ লাখ অসংগঠিত শ্ৰমিকে পাব ৰেচন কাৰ্ড, উত্তৰ গুৱাহাটী সংযোগী দলংৰ ব্যয় ৩,০৩০ কোটিলৈ বৃদ্ধি...

ডিজিটেল ডেস্কঃ আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে এই সিদ্ধান্তসমূহৰ বিষয়ে ৰাজহুৱা কৰিছে। 

Advertisment

কেবিনেটে ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডক পুনৰুজ্জীৱিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডিব্ৰুগড়ৰ নামৰূপস্থিত এই সাৰ নিগমক পৰিবৰ্তনশীল সময়ৰ সৈতে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াৰ কাৰ্যকলাপ আৰু উৎপাদন বৃদ্ধি কৰাৰ বাবে ২১,২৭২ কোটি মূল্যৰ ৪০ শতাংশ ইকুইটি বিনিয়োগত অনুমোদন জনাইছে।

অসম চৰকাৰে এই বিনিয়োগ যৌথ পদক্ষেপত নামৰূপ-৪ গোট নিৰ্মাণৰ বাবে বিনিয়োগত অনুমোদন জনাইছে। সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গাওঁসমূহৰ অধিসূচিত তালিকাৰ কিছু অধিসূচিত গাঁৱত সোণোৱাল অংশ অন্তৰ্ভুক্ত কৰাৰ বাবে সংশোধনৰ অনুমোদন জনাইছে। 

উত্তৰ গুৱাহাটী ৰংমহলত ন্যায়িক টাউনশ্বিপ নিৰ্মাণৰ বাবে কেবিনেট পট্টা ভূমি অধিগ্ৰহণৰ বাবে অনা-প্ৰশাসনিক অনুমোদন হিচাপে বিত্তীয় অনুমোদন জনাইছে। মিছন বসুন্ধৰা ৩.০ ৰ সন্দৰ্ভতো আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেবিনেটে শৈক্ষিক, ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা পঞ্জীয়নৰ প্ৰমাণপত্ৰ, চুক্তিপত্ৰ আদিৰ দৰে বাধ্যতামূলকভাৱ জমা নকৰাকৈ বসুন্ধৰা ৩.০ৰ অধীনত ভূমি আবণ্টন বা নিষ্পত্তিৰ আবেদন দাখিল কৰিবলৈ অনুমোদন জনাইছে।

গ্ৰাম্য যাতায়ত ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্যৰ ৬ খন জিলাৰ বাবে নাবাৰ্ডৰ RIDF-XXX ৰ অধীনত ১৪ টা গ্ৰাম্য পথ প্ৰকল্প নিৰ্মাণত অনুমোদন জনাইছে। ইয়াৰ বাবে ব্যয় কৰিব ৮১ কোটি টকা।

শক্তি আগবঢ়োৱা কোম্পানীত বিৰ্ধিত অংশীদাৰিত্বৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ কেবিনেটত। কেবিনেটে ইণ্ডিয়ান গভৰ্নমেণ্ট ষ্টেণ্ডাৰ্ড-৪ৰ ব্যৱস্থা অনুসৰি এ পি ডি চি এল, এ ই জি চি এল আৰু এ পি জি চি এললৈ অসম চৰকাৰৰ ঋণ আৰু অনুদান ইকুইটীলৈ ৰূপান্তৰ কৰিবলৈ অনুমোদন জনাইছে।

সেই অনুসৰি এ পি ডি চি এললৈ ৩৯৭.৩৯ কোটি, এ ই জি চি এললৈ ১৯.৮৯ কোটি, এ পি জি চি এললৈ ৫২০.৩৮ কোটি টকা ইকুইটী হিচাপে ৰূপান্তৰ কৰিবলৈ অনুমোদন জনোৱা হৈছে। 

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেট