অসম চৰকাৰৰ কেবিনেট বৈঠকঃ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ....

আজি জনতা ভৱনত সম্পন্ন হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহু কেইটা সিদ্ধান্ত লোৱাৰ বিষয়ে সাংবাদিকক জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

author-image
Tushar Pratim
New Update
অসম চৰকাৰৰ কেবিনেট বৈঠকঃ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ....

ডিজিটেল ডেস্কঃ আজি জনতা ভৱনত সম্পন্ন হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহু কেইটা সিদ্ধান্ত লোৱাৰ বিষয়ে সাংবাদিকক জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কেবিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি এই সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰিছে।

Advertisment

তেওঁ জনোৱা মতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম পঞ্চায়ত ফাইনেন্সিয়েল ৰুলছ-২০০২ ৰ সংশোধনত কেবিনেটে অনুমোদন দিছে। তেওঁ জনোৱা মতে পঞ্চায়তৰ বজাৰ, হাটসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰিব। তাৰ বিপৰীতে মহলদাৰসকলক কিছু নতুন দায়িত্ব প্ৰদান কৰা হ’ব। 

তেওঁলোকে যাতে অতিৰিক্ত ধন সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে পুলিচ ভেৰিফিকেচনৰ ব্যৱস্থা কৰা হ’ব। আনহাতে কেবিনেটে সিদ্ধান্ত লৈছে জলবায়ু পৰিবৰ্তনৰ সমগ্ৰ ব্যৱস্থা এতিয়াৰে পৰা বন বিভাগে চোৱাচিতা কৰিব। তাৰোপৰি দুটা ভাগত বিভক্ত কৰা হ’ব লোক নিৰ্মাণ বিভাগ।

লোক নিৰ্মাণ গৃহ বিভাগ সলনি হৈ লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা বিভাগ হ’ব।স্বাস্থ্য আৰু শিক্ষা বিভাগৰ বিল্ডিংসমূহ চোৱাৰ বাবে থাকিব এই বিভাগ। ইয়াৰ বিপৰীতে আৱৰ্ত ভৱন, ষ্টেডিয়াম, সচিবালয় আদি চাব লোক নিৰ্মাণ গৃহ বিভাগে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা সমষ্টি ভিত্তিত একোটাকৈ ব্লক PHE নিৰ্মাণ কৰা হ’ব। ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিতে থাকিব ব্লক PHE। যিবোৰ সমষ্টিৰ আকাৰ ডাঙৰ সেই সমষ্টিসমূহত থাকিব দুটাকৈ ব্লক PHE।

ইফালে অহা ১ এপ্রিলৰ পৰা ধানৰ বাবে MSPৰ লগতে ৰাজ্য চৰকাৰে দিব অতিৰিক্ত ধন। প্রতি কুইণ্টল ধানত অতিৰিক্তভাৱে ২৫০ টকাকৈ কৃষকক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। ফলত এতিয়াৰে পৰা কৃষকে প্ৰতি কুইণ্টলত ২৫৫০টকাকৈ প্ধন লাভ কৰিব।

সৰিয়হৰ ক্ষেত্রত প্রতি কুইণ্টলত ৫০০টকাকৈ অতিৰিক্তকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ফলত সৰিয়হৰ খেতি কৰা কৃষকে ৬৪৫০টকাকৈ লাভ কৰিব প্রতি কুইণ্টল সৰিয়হত।

দৰং জিলাত এখন নতুন মেডিকেল কলেজৰ বাবে ৫৭২ কোটি টকাৰ অনুমোদন দিয়া হৈছে। মঙলদৈৰ দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ সমীপত নিৰ্মাণ হ’বলগীয়া এই মেডিকেল কলেজৰ সৈতে থাকিব Bsc নাৰ্ছিং কলেজ, GNM নাৰ্ছিং স্কুল। মেডিকেল কলেজখনৰ সৈতে একেলগে নিৰ্মাণ হ’ব এই দুয়ো প্ৰতিষ্ঠান।

কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি প্রতিখন ৰেচন দোকানৰ ম্যাদ ৩০ জুন ২০২৬লৈ বৃদ্ধি কৰা হৈছে। তাৰোপৰি চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত বিবাহ বিচ্ছেদিত স্বামীয়েও এতিয়াৰে পৰা ২ বছৰলৈকে লাভ কৰিব চাইল্ড কেয়াৰ লীভ।

প্ৰফেচনেল টেক্সৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। সেই অনুসৰি এতিয়াৰে পৰা মাহিলী আয় ১৫ হাজাৰৰ তলত হ’লে প্রফেচনেল টেক্স দিব নালাগে। অহা ১ এপ্রিলৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। কেঁচা চাহপাতৰ ওপৰতো এতিয়াৰে পৰা কোনেও কৰ দিব নালাগে।

ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ এই সংবাদ মেলতে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ডিব্রুগড় জিলাক AFSPAৰ আওতাৰ পৰা বাহিৰলৈ নিয়াৰ সিদ্ধান্ত লৈছে। অৱশ্যে তিনিচিকুয়ী, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই আইন কাৰ্যকৰী হৈ থাকিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ডিব্রুগড়ক ২য় ৰাজধানী হিচাপে গঢ়াৰ বাবে আমি কেন্দ্রক আহ্বান জনাইছিলো। 

আনহাতে জাপান চৰকাৰেও অসমৰ ক্ষেত্রত থকা প্রতিবন্ধকতা হ্রাস কৰিছে ২৫ মাৰ্চত পৰ্যটকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে জাপানে।

ড০ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ কেবিনেট অসম কেবিনেট