চৰম বিত্তীয় সংকটত ৰাজ্য চৰকাৰ...

author-image
Asomiya Pratidin
New Update
চৰম বিত্তীয় সংকটত ৰাজ্য চৰকাৰ...

ডিজিটেল ডেস্ক : চৰম বিত্তীয় সংকটৰ গৰাহত ৰাজ্য চৰকাৰ । চৰকাৰী বিদ্যালয় সমূহত ব্যয় নোহোৱাকৈ ৰৈ যোৱা সামান্য পৰিমাণৰ ধন উভতাই বিছাৰিছে চৰকাৰে । বিত্তীয় বৰ্ষ শেষ হ'বলৈ প্ৰায় ৬ মাহ থকা অৱস্থাতেই আবন্টিত ধন উভতাই বিচাৰি সমালোচনাৰ পাত্ৰ হৈছে চৰকাৰ ।

Advertisment

উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়লৈ আবন্টন কৰা পূঁজিৰ পৰিমাণ ইতিমধ্যেই নূন্যতম । বিদ্যালয় এখন পৰিচালনা কৰিবলৈ অতিকৈ প্ৰয়োজনীয় সামগ্ৰী সমূহৰ বাবেহে আবন্টন কৰা হয় এই ধন । তেনেস্থলত, বিত্তীয় বৰ্ষ শেষ হ'বলৈ ৬ মাহ থকা অৱস্থাত বিদ্যালয় সমূহৰ কোষাগাৰত জমা আছে ১৫-২০ হাজাৰ টকাহে । আগন্তুক ৬টা মাহত এই টকাৰ পুনৰ প্ৰয়োজন হ'লে চৰকাৰী কাৰ্যালয়লৈ তাতঁ-বাতি কাঢ়িব লাগিব বিদ্যালয়ৰ প্ৰধান শিক্ষকে ।

স্মৰ্তব্য যে, চলিত বৰ্ষতেই প্ৰাক্তন শিক্ষাৰ্থী আৰু শুভাকাংক্ষীক চৰকাৰী বিদ্যালয় সমূহলৈ অনুদান আগবঢ়াবলৈ আহ্বান কৰি বিতৰ্কৰ মাজলৈ আহিছিল শাসনাধিষ্ঠ চৰকাৰ । পাছত সংবাদ মেলৰ জৰিয়তে এই আহ্বান পূঁজিৰ অভাৱৰ বাবে নহয় বুলিও সদৰি কৰিছিল শিক্ষামন্ত্ৰীয়ে । কিন্তু ৰাজ্য চৰকাৰে ব্যয় নোহোৱা পূঁজি উভতাই বিচাৰি প্ৰেৰণ কৰিলে আন এক বাৰ্তা ।

assam education department of assam ASSAM GOVERNMENT